ETV Bharat / state

লামডিঙত কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী - হোজাই

বৰ্ধিত পে’ট্ৰল-ড্ৰিজেলৰ মূল্যবৃদ্ধিৰ ফলত কংগ্ৰেছে ৰাজ্যৰ বিভিন্ন স্থানত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন অব্যাহত ৰখাৰ সময়তে লামডিঙৰ পুনম পে’ট্ৰল এজেঞ্চিত কংগ্ৰেছৰ প্ৰতিবাদ ।

লামডিঙত কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী
লামডিঙত কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী
author img

By

Published : Feb 26, 2021, 12:34 PM IST

হোজাই, ২৬ ফেব্ৰুৱাৰী: পৰিৱৰ্তন আৰু মূল্যবৃদ্ধি ৰোধ কৰাৰ ভাষণ আৰু প্ৰতিশ্ৰুতিৰে শাসনৰ গাদী দখল কৰা বিজেপি চৰকাৰৰ কাৰ্যকালত ৰাজ্যত সকলো অত্যাৱশ্যকীয় সামগ্রীৰ আকাশলংঘী মূল্যই অভাৱনীয় ৰূপ ধাৰণ কৰিছে । চৰকাৰৰ এনেধৰণৰ জনবিৰোধী কাৰ্যৰ বিৰুদ্ধে বৃহস্পতিবাৰে হোজাই জিলাৰ লামডিঙতো কংগ্ৰেছে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷

বৰ্ধিত পে’ট্ৰল ড্ৰিজেলৰ মূল্যবৃদ্ধিৰ ফলত কংগ্ৰেছে ৰাজ্যৰ বিভিন্ন স্থানত প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখিছে । লামডিঙৰ পুনম পে’ট্ৰল এজেঞ্চিত কংগ্ৰেছে পে’ট্ৰল-ড্ৰিজেল, ৰন্ধন গেছৰ বৰ্ধিত মূল্যৰ বাবে বিজেপি চৰকাৰ হায় হায়, বিজেপি চৰকাৰ গ’ বেক ধ্বনিৰে উত্তাল কৰি তোলে ৷

এই প্ৰতিবাদী কাৰ্যসূচীত লামডিঙৰ প্ৰাক্তন বিধায়ক তথা এইবাৰৰ কংগ্ৰেছৰ টিকত প্ৰত্যাশী স্বপন কৰ, হোজাই সমষ্টিৰ টিকট প্ৰত্যাশী চিত্ত পাল, এনএছইউআই, হোজাই জিলা ইয়ং ব্ৰিগেডৰ সদস্যসকল উপস্থিত থাকে ৷ প্ৰক্তন বিধায়ক গৰাকীয়ে কয় যে, বিগত দিনত লামডিঙত কোনো ধৰণৰ বিকাশ তথা উন্নতি হোৱা নাই ৷

বিজেপি চৰকাৰে দুই এটা পথ নিৰ্মান কৰিয়ে নিজৰ জয় গান সকলোতে গাই ফুৰিছে ৷ ৰাস্তা-ঘাট নিৰ্মান কৰিলেই উন্নয়ন নুবুজাই বুলি কটাক্ষ কৰে বিধায়ক গৰাকীয়ে ৷ তেওঁ লগতে কয় যে, লামডিঙৰ বিধায়কগৰাকী সম্পূৰ্ণ ৰূপে ব্যৰ্থ তথা আগন্তুক নিৰ্বাচনত লামডিঙৰ ৰাইজে ইয়াৰ প্ৰত্তুত্তৰ দিয়াৰ লগতে কংগ্ৰেছ চৰকাৰক আদৰি ল'ব ৷

লামডিঙ তথা সমগ্ৰ ৰাজ্যত মাথো প্ৰতৰণা, প্ৰৱঞ্চনা, প্ৰলোভনৰ ৰাজনীতি চলি আছে তাৰবাদে এজনো নিবনুৱাক এইচৰকাৰে চাকৰি দিবলৈ সক্ষম নহল বুলি তীব্ৰ ক্ষোভ উজাৰে প্ৰাক্তন বিধায়ক তথা এইবাৰৰ কংগ্ৰেছৰ টিকত প্ৰত্যাশী স্বপন কৰে ।

লগতে পঢ়ক:লুৰিণক লুঙি-টুপি পিন্ধা মানুহে ভাল পায়: শিলাদিত্য দেৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.