ETV Bharat / state

যমুনামুখ সমষ্টিত ৰাইজৰ দলৰ ব্যাপক খহনীয়া

সোমবাৰে নৱগঠিত আঞ্চলিক দল ৰাইজৰ দলৰ যমুনামুখ সমষ্টিৰ সমিতিৰ সভাপতি, সম্পাদককে ধৰি দলৰ একাংশ কৰ্মীয়ে পদত্যাগ কৰে ৷ দলৰ নীতি-আদৰ্শগত অমিলৰ বাবেই পদত্যাগ কৰিছে পুৰণি কৰ্মীসকলে ৷

author img

By

Published : Mar 15, 2021, 10:14 PM IST

leaders-and-workers-resign-from-raijor-dol-at-jamunamukh
ৰাইজৰ দলৰ যমুনামুখ সমষ্টিত ব্যাপক গৰা খহনীয়া

হোজাই,15 মাৰ্চ: অসম বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকাৰ সময়তে সোমবাৰে নৱগঠিত আঞ্চলিক দল ৰাইজৰ দলৰ যমুনামুখ সমষ্টিৰ সমিতিৰ সভাপতি, সম্পাদককে ধৰি দলৰ একাংশ কৰ্মীয়ে পদত্যাগ কৰে ৷ সমষ্টিৰ সমিতিৰ সভাপতি মৌলানা জাবিৰ আহমেদে দলৰ কেন্দ্ৰীয় নেতৃত্বৰ কাম-কাজত অসন্তুষ্টি প্ৰকাশ কৰি পদত্যাগ কৰে ৷ নেতা গৰাকীয়ে ক্ষোভ প্ৰকাশ কৰি কয় যে,"এটি দল পঞ্জীয়ন কৰিব নোৱাৰা নেতৃত্বই ৰাজ্য কেনেকৈ পৰিচালনা কৰিব ৷ দলৰ প্ৰাৰ্থীয়ে নিৰ্দলীয় হিচাপে নিৰ্বাচন খেলি আছে ৷ এয়া হাস্যৰসাত্মক কথা ৷ ৰাইজে সকলো বুজি পায়" ৷

leaders-and-workers-resign-from-raijor-dol-at-jamunamukh
যমুনামুখ সমষ্টিত ৰাইজৰ দলৰ ব্যাপক খহনীয়া

ইফালে সমষ্টিৰ সমিতিৰ সম্পাদক তথা কাৰ্যকৰী সভাপতি নুৰুল হকেও পদত্যাগ কৰি দলটোৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে ৷ পুঁজিপতিৰ বিৰুদ্ধে গঠিত দলে পুঁজিপতিৰ পক্ষে কাম কৰি আছে বুলি ক্ষোভ প্ৰকাশ কৰে নেতা গৰাকীয়ে ৷ উল্লেখ্য যে, নেতাগৰাকীৰ লগতে ৰাইজৰ দল আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ একাংশ কৰ্মীয়েও পদত্যাগ কৰে ৷ ইতিমধ্যে কেন্দ্ৰীয় কাৰ্যালয়লৈ পত্ৰত্যাগ পত্ৰ প্ৰেৰণ কৰিছে নেতা-কৰ্মীসকলে ৷ জানিব পৰা মতে, দলৰ নীতি-আদৰ্শগত অমিলৰ বাবেই পদত্যাগ কৰিছে সমষ্টি সমিতি আৰু জিলা সমিতিৰ পুৰণি কৰ্মীসকলে ৷ নিৰ্বাচনৰ প্ৰাকক্ষণত সংঘটিত এই ঘটনাই মোক্ষম আঘাত হানিছে যমুনামুখ সমষ্টিৰ নিৰ্দলীয় শক্তিশালী প্ৰাৰ্থী দিলৱাৰা বেগমক ৷

লগতে পঢ়কঃ অখিল গগৈৰ মাতৃক সাক্ষাৎ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.