হোজাই,4 জানুৱাৰী: হোজাই জিলাৰ লংকেশ্বৰী মাকেটিং বৰ্ডৰ নৱ নিৰ্মিত বিল্ডিংত,সোমবাৰে লংকা বিজেপি টাউন মণ্ডলৰ উদ্যোগত অনুষ্ঠিত হয় বিজেপি দলৰ দ্বিতীয় তথা অন্তিম খন কাৰ্যনিবাহক সভা । উক্ত কাৰ্যনিবাহক সভাত উপস্থিত থাকে হোজাইৰ বিধায়ক শিলাদিত্য দেৱৰ লগতে বহু বিজেপি দলীয় কৰ্মী ৷ সভাত হোজাই বিধায়ক গৰাকীয়ে সদৰি কৰে যে "লংকা বিজেপি টাউন মণ্ডলৰ উদ্যোগত অনুষ্ঠিত হোৱা এইখন সভাই অন্তিম সভা ৷
আনহাতে ইয়াৰ পৰৰ্ৱতী পৰ্যায়ৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ হোৱা বুলি উল্লেখ কৰি এইবাৰ বিজেপিয়ে এশৰো আধিক আসন পোৱাটো নিশ্চিত বুলি মন্তব্য কৰে বিধায়ক শিলাদিত্য দেৱে ৷
লগতে পঢ়কঃ অসমত আঞ্চলিকতাবাদ-জাতীয়তাবাদৰ ভেটি সবল কৰিব AJYCPয়ে!