হোজাই, 7 নৱেম্বৰ : হোজাই জিলা লংকাত শনিবাৰে সন্ধিয়া ভাৰতীয় জনতা যুৱ মৰ্চাৰ লংকা টাউন মণ্ডলে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে । মহাৰাষ্ট্ৰ চৰকাৰে অসম সন্তান তথা ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান ৰিপাব্লিক টিভিৰ মূখ্য সম্পাদক অৰ্ণৱ গোস্বামীক আটক কৰা বিৰুদ্ধে ভাৰতীয় জনতা যুৱ মৰ্চাৰ কৰ্মকৰ্তাসকলে সাব্যস্ত কৰে এই প্ৰতিবাদ ।
প্ৰতিবাদকাৰী সকলে হাতে হাতে জোঁৰ, প্লে'কাৰ্ড লৈ অৰ্ণৱ গোস্বামীৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ ৷ লগতে লংকা বাছ ষ্টেণ্ডত মহাৰাষ্ট্ৰৰ মূখ্যমন্ত্ৰী, ছোনীয়া গান্ধীৰ প্ৰতিমূৰ্তি দাহ কৰে প্ৰতিবাদকাৰীয়ে ৷ তথা অনতিপলমে অৰ্ণৱ গোস্বামীক বিনা চৰ্তে মোকলাই দিবলৈও দাবী জনায় ৷
লগতে পঢ়ক : পাকিস্তান জিন্দাবাদ শ্ল’গানৰ প্ৰসংগত বদৰউদ্দিন আজমলৰ সংবাদমেল