ETV Bharat / state

সষ্টম হোজাই প্ৰশাসন; উচ্ছেদৰ বাবে সাজু লামডিং বনাঞ্চল - hojai police

লামডিং বনাঞ্চলত উচ্ছেদ অভিযান চলোৱাৰ বাবে সাজু হৈছে হোজাই প্ৰশাসন । দেওবাৰে উচ্ছেদ হ’বলগীয়া অঞ্চল পৰিদৰ্শন কৰে হোজাইৰ জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষে ৷

Lamming Forest  Get ready for Eviction
উচ্ছেদৰ বাবে সাজু লামডিং বনাঞ্চল
author img

By

Published : Nov 7, 2021, 9:47 PM IST

Updated : Nov 8, 2021, 10:58 AM IST

হোজাই, 7 নৱেম্বৰ : গৰুখুটিৰ উচ্ছেদৰ পাচত এইবাৰ লামডিং বনাঞ্চলৰ বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ । ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে সোমবাৰ আৰু মঙলবাৰে অৰ্থাৎ ৮ আৰু ৯ নৱেম্বৰত দুদিনীয়াকৈ চলিব উচ্ছেদ অভিযান । এই উচ্ছেদক লৈ ইতিমধ্যে হোজাই জিলা প্ৰশাসন সম্পূৰ্ণ ৰূপে সাজু হৈ উঠিছে ৷

উচ্ছেদৰ বাবে সাজু লামডিং বনাঞ্চল

ইফালে প্ৰশাসনৰ নিৰ্দেশৰ প্ৰতি সঁহাৰি জনাইছে লামডিং বনাঞ্চলত অবৈধ্যভাৱে বসবাস কৰি থকা লোকসকলে ৷ জানিব পৰা মতে, ইতিমধ্যে লামডিং বনাঞ্চলত অবৈধ্যভাৱে বসবাস কৰি থকা প্ৰায় ৯০% লোকে বনাঞ্চল এৰি হোজাইৰ নখুটি জাংজু বজাৰৰ ঘাইপথৰ কাষত শিবিৰ পাতি অস্থায়ীভাৱে অৱস্থান কৰিছেহি ৷ তথাপিও উচ্ছেদৰ সময়ত যাতে কোনোধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয়, তাৰ বাবে জিলা প্ৰশাসন সম্পূৰ্ণ ৰূপে সাজু হৈ উঠিছে ৷

Lamming Forest  Get ready for Eviction
সস্তম হোজাই প্ৰশাসন

আনহাতে, প্ৰশাসনৰ নিৰ্দেশনা মানি সেই স্থানৰ পৰা স্থানান্তৰ হোৱা অবৈধ বেদখলকাৰীসকলক ধন্যবাদ জনাইছে হোজাই জিলা প্ৰশাসনে । আনকি দেওবাৰৰ পৰাই হোজাই জিলা উপায়ুক্ত, হোজাই জিলা আৰক্ষী অধীক্ষকৰ লগতে কেইবা শতাধিক আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰলোক উচ্ছেদস্থলীত অৱস্থান কৰিছেহি ।

লগতে পঢ়ক : প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ পুত্ৰৰ বাসগৃহত হঠাৎ CBI ৰ তালাচী

Last Updated : Nov 8, 2021, 10:58 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.