হোজাই, ৩১ মে': লকডাউনৰ সময়চোৱাত বৰ্তমান একাংশ ব্যৱসায়ীৰ অভাৱনীয় পৰিস্থিতিয়ে দেখা দিছে । লকডাউনৰ মাজতে একাংশ দোকান পোহাৰ খোলাৰ নিৰ্দেশ দিছে যদিও আনফালে আকৌ দিশহাৰা হৈ পৰিছে চেলুনৰ কৰ্মচাৰীসকল ৷ কিয়নো বৰ্তমান পৰ্যন্ত ৰাজ্য চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰে চেলুন তথা পাৰ্লাৰ খোলাৰ বাবে নিৰ্দেশ দিয়া নাই ।

বিগত তিনিমাহে লামডিঙৰ চেলুনৰ ব্যৱসায়ীসকলে চৰকাৰৰ নিৰ্দেশ মানি আহিছে ৷ কিন্তু বৰ্তমান চৰকাৰ তথা চৰকাৰী প্ৰতিনিধিৰ পৰা কোনো সাহাৰ্য নোপোৱাত অসহায় হৈ পৰিছে ৷ যাৰ বাবে দেওবাৰে লামডিঙত নাপিত সন্থাই মৌন প্ৰতিবাদ সাব্যস্ত কৰে ৷ লামডিঙৰ মুঠ ১৩০ খন চেলুনৰ লগত জড়িত কৰ্মচাৰী সকলে লামডিঙস্থিত খেলপথাৰত সাব্যস্ত কৰে মৌন প্ৰতিবাদ । চৰকাৰী নিৰ্দেশ অনুযায়ী সামাজিক ব্যৱধান ৰাখি ১৩০ খন দোকানৰ কৰ্মচাৰী ভিতৰত আধা সংখ্যক নাপিতসকলে মুখত মাস্ক পৰিধান কৰি অংশগ্ৰহণ কৰে মৌন প্ৰতিবাদ।
নাপিত সন্থাই এই প্ৰতিবাদৰ জৰিয়তে চৰকাৰক প্ৰতি আহ্বান যে, চৰকাৰে হয়টো চেলুন খোলাৰ ব্যৱস্থা কৰক অথবা কৰ্মচাৰীসকলৰ পৰিয়াল চলিব পৰাকে আৰ্থিক সাহাৰ্যৰ ব্যৱস্থা কৰক । ন'হলে গভীৰ সংকটত পৰিব চেলুনৰ কৰ্মচাৰীসকল ।
উল্লেখ্য যে, লামডিং নাপিত সন্থাই চেলুন খোলাৰ ব্যৱস্থা কৰি দিয়াৰ বাবে দেওবাৰে হোজাই জিলাৰ উপায়ুক্ত, লামডিঙ সমষ্টি বিধায়ক আৰু লামডিঙ আৰক্ষীক এখনি স্মাৰক পত্ৰ প্ৰদান কৰে ।