হোজাই, 15 ছেপ্টেম্বৰ: "কাম কৰে যদি কৰক নকৰে যদি পাইপ ভাঙি পেলাই দিয়ক ৷ হাতীয়ে মানুহ খেদিলেও ইয়াত মানুহে প্ৰাণ বচাবলৈ দৌৰিব নোৱাৰিব ৷ চৰকাৰে বহুত ডাঙৰ ডাঙৰ কাম কৰিছে, এইটো কাম চৰকাৰৰ বাবে তেনেই সাধাৰণ ৷" জলসিঞ্চনৰ আঁচনিৰ পাইপে জ্বলাকলা খুৱাইছে হোজাই জিলাৰ যমুনাচিতবাসীক ৷ ক্ষোভিত ৰাইজে চৰকাৰক অনতিপলমে পেলাই থৈ দিয়া পাইপসমূহ থানথিত লগাবলৈ আহ্বান জনাই এই মন্তব্য প্ৰকাশ কৰে ৷
চৰকাৰৰ উন্নয়নৰ ফোপোলা স্বৰূপ ৷ বিগত 12 বছৰ ধৰি হোজাইৰ যমুনাচিতবাসীৰ বাবে মূৰৰ কামোৰণি হৈছে জলসিঞ্চন আঁচনিৰ পাইপ (Irrigation scheme not completed last 12 years) ৷ হোজাই জিলাৰ যমুনাচিত অঞ্চলত বিগত প্ৰায় 12 বছৰ পূৰ্বে এক জলসিঞ্চন আঁচনিৰ প্ৰকল্প আৰম্ভ হৈছিল ৷ এই জলসিঞ্চন আঁচনি নিৰ্মাণৰ মূল লক্ষ্য আছিল হোজাই জিলাৰ লগতে কাষৰীয়া অঞ্চলসমূহত কপিলী নৈৰ পৰা পানী উঠাই খেতিয়ক ৰাইজক খেতিপথাৰত পানী যোগান ধৰা (Irrigation scheme not completed in Hojai) ৷
কিন্তু সমন্বয়ৰ অভাৱত এই জলসিঞ্চন আচঁনিৰ কাম মাত্ৰ ৩০ শতাংশমান কাম কৰিয়েই গা এৰা দিয়ে চৰকাৰী লোকে ৷ বৰ্তমান বন-জংঘলে আগুৰি ধৰিছে জলসিঞ্চন আচঁনিৰ সকলো আচবাব ৷ ইফালে পানী পৰিবাহী পাইপসমূহ ৰাইজে অহা যোৱা কৰা পথৰ কাষতেই পেলাই থৈ দিয়াৰ ফলত অসুবিধা হৈছে অঞ্চলটোৰ লোকৰ ৷
ইয়াৰোপৰি পাইপসমূহ স্থানীয় ৰাইজৰ ঘৰৰ সন্মুখেৰে পাৰ হৈ যোৱা বাবে স্থানীয় ৰাইজে বহু সমস্যাত ভুগিব লগীয়া হৈছে ৷ এই পাইপবোৰৰ বাবে পশুধনৰো অঘটন ঘটিছে ৷ অৱশেষত স্থানীয়ে ৰাইজে এই পাইপসমূহ বিভাগীয় কৰ্তৃপক্ষক আঁতৰাই দিবলৈ অনুৰোধ কৰে ৷
উল্লেখ্য যে যমুনাচিতৰ পৰা হোজাই দিশে অহা পাইপ লাইনৰ মাজত এখন বনাঞ্চল থকাৰ বাবে এই বনাঞ্চলৰ মাজেদিয়েই পাইপসমূহ বহুৱাব লগা হ’ব ৷ ইয়াৰ পিছতে বনাঞ্চল তথা বনবিভাগৰ গাফিলতি আৰু যাৱতীয় নথি পত্ৰ বন বিভাগে নিদিয়াত এনেদৰে পাইপ লাইনৰ কাম আধাতে পেলাই থ’বলগীয়া হৈছে বুলি অহুকাণে পহুকাণে শুনিছিল বুলি মন্তব্য প্ৰকাশ কৰে স্থানীয় ৰাইজে ৷
এতিয়া কাৰ গাফিলতিৰ বাবে বহুমূলীয়া আচঁনিৰ কাম এনেদৰে আধাতে পেলাই থবলগীয়া হৈছে এই সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষৰ লগতে ৰাজ্য চৰকাৰক তদন্ত কৰিবলৈ আহ্বান জনায় অঞ্চলটোৰ লোকসকলে ৷
লগতে পঢ়ক: গুৱাহাটী ষ্টেচনত জব্দ বৃহৎ পৰিমানৰ মটৰ চাইকেলৰ পাৰ্টছ