হোজাই , 1 অক্টোবৰঃ সোমবাৰে বিয়লি হোজাই জিলাৰ লংকাৰ অন্তৰ্গত 11 নং ৱাৰ্ডত বিদ্যুৎস্পৃষ্ট হৈ এজন শ্ৰমিকৰ মৃত্যু হয় ৷ মৃত শ্ৰমিকজন নখুটীৰ বাসিন্দা আব্দুল ৱাহিদ বুলি জানিব পৰা গৈছে ৷
তথ্যনুসৰি, সোমৱাৰে লংকাৰ 11 নং ৱাৰ্ডস্থিত এটা অট্টালিকাত ছাদ নিৰ্মাণ কৰি থকা অৱস্থাত শ্ৰমিকজনে বিদ্যুৎ পৰিবাহী তাঁৰত লাগি মৃত্যুক আঁকোৱালি লয় | পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ শ্ৰমিকজনৰ মৃতদেহটো লংকা আৰক্ষী থানালৈ লৈ আহে ৷ সম্প্ৰতি লংকা আৰক্ষী থানাত ৰখা হৈছে শ্ৰমিকজনৰ মৃতদেহটো ৷