ETV Bharat / state

কাকীত অখিল গগৈৰ মুক্তিৰ দাবীৰে মানৱ শৃংখল - প্ৰতিবাদ

কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত কাকীত সাব্যস্ত প্ৰতিবাদ ৷ মানৱ শৃংখল প্ৰদৰ্শনেৰে এই প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ হোজাইৰ কৰ্মীসকলে ৷

kmss protest demanding akhil gogoi free from jail hojai assam etv bharat news
মানৱ শৃংখল প্ৰদৰ্শন
author img

By

Published : Jul 16, 2020, 6:04 PM IST

হোজাই, 16 জুলাই: কাৰাবন্দী নেতা অখিল গগৈৰ মুক্তিৰ দাবীত ইতিমধ্যে ৰাজ্যৰ ভিন্ন প্ৰান্তত সাব্যস্ত হৈ আছে প্ৰতিবাদ ৷ বৃহস্পতিবাৰৰ দিনটোত হোজাইৰ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে মানৱ শৃংখল প্ৰদৰ্শনেৰে নেতা গৰাকীৰ মুক্তিৰ দাবীত চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ ৷ জিলাখনৰ ১নং কাকী চাৰিআলিত সংগঠনটোৰ শতাধিক কৰ্মীয়ে প্ৰতিবাদত অংশগ্ৰহণ কৰি কাৰাবন্দী নেতা অখিল গগৈ আৰু ধৈৰ্য কোঁৱৰৰ মুক্তিৰ দাবীত সাব্যস্ত কৰে প্ৰতিবাদ ৷ লগতে সম্প্ৰতি জামিনত মুক্তি লাভ কৰা সংগঠনটোৰ অন্যতম নেতা বিতু সোণোৱালৰ উন্নত চিকিৎসাৰ দাবী জনাই চৰকাৰক ।

অখিল গগৈৰ মুক্তিৰ দাবীৰে মানৱ শৃংখল

কৃষক সংগঠনটোৱে চৰকাৰ বিৰোধী বিভিন্ন শ্ল'গানেৰে উত্তাল কৰি তোলে ৰাজপথ ৷ লগতে পৰৱৰ্তী নিৰ্বাচনত বৰ্তমান শাসনাধীন বিজেপি চৰকাৰক গাদীচ্যুত কৰাৰ হুংকাৰ প্ৰদান কৰে ৷ উল্লেখ্য যে,ইতিমধ্যে তিনিটাকৈ গোচৰৰ জামিন মঞ্জুৰ হৈছে কাৰাবন্দী নেতা অখিল গগৈৰ ৷

লগতে চাওকঃ কাজিৰঙাৰ বান পৰিস্থিতি পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.