ETV Bharat / state

অখিল গগৈৰ মুক্তিৰ দাবীত হোজাইত কৃষক মুক্তিৰ প্ৰতিবাদ

author img

By

Published : Jul 31, 2020, 6:07 PM IST

শুকুৰবাৰে হোজাই জিলাত একাধিক লোকে অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে ৷ জিলাখনৰ কাকী মৰমী চেন্টাৰত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্য সকলে গান গাই এই প্ৰতিবাদ সাব্যস্ত কৰে ৷ কৃষক নেতা অখিল গগৈ আৰু নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীয়ে ৷

KMSS PROTEST AT ASSAM HOJAI, PROTERSTERS DEMAND RELEASE TO AKHIL GOGOI
অখিল গগৈৰ মুক্তিৰ দাবীত হোজাইত কৃষক মুক্তিৰ অভিনৱ প্ৰতিবাদ

হোজাই, 31 জুলাই : ৰাজ্যত কৰ'ণা মহামাৰী আৰু বানপানীৰ তাণ্ডৱ চলি থকাৰ মাজতে শুকুৰবাৰে হোজাই জিলাত একাধিক লোকে অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে ৷ জিলাখনৰ কাকী মৰমী চেন্টাৰত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্য সকলে গান গাই এই প্ৰতিবাদ সাব্যস্ত কৰে ৷

কৃষক নেতা অখিল গগৈ আৰু নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীয়ে ৷ প্ৰায় 2 শতাধিক লোকে প্ৰচণ্ড বৰষুণকো নেওচি প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে ৷

আনহাতে,প্ৰতিবাদকাৰী ৰাইজৰ অভিযোগ অনুসৰি,অনতিপলমে কৃষক নেতা অখিল গগৈৰ লগতে নাগৰিকত্ব সংশোধনী আইন বাতিল নকৰিলে হোজাইৰ কাকীৰ পৰা পদ যাত্ৰাৰে গুৱাহাটীলৈ প্ৰতিবাদী সমদল কৰি যোৱাৰ হুংকাৰ প্ৰদান কৰিছে ৷

উল্লেখ্য যে,2019 বৰ্ষৰ ডিচেম্বৰত কৃষক নেতা অখিল গগৈক NIAৰ আদালতে গ্ৰেপ্তাৰ কৰিছিল ৷ বৰ্তমানেও তেওঁ কাৰাৰুদ্ধ হৈ আছে ৷ তেওঁৰ বিৰুদ্ধে নাগৰিকত্ব সংশোধনী আইন বিৰোধ কৰাৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বহু কেইটা গোচৰও ৰুজু হৈছিল ৷

লগতে পঢ়ক : হোজাইত কৃষি বিভাগৰ কঠিয়া বিতৰণ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.