হোজাই, 20মাৰ্চঃ হোজাইত কৰ’ণা ভাইৰাছৰ ঔষধ বিক্ৰী কৰা দুজনকৈ লোকক আটক আৰক্ষীৰ ৷ লোক দুজনে কৰ’ণাৰ প্ৰতিষেধক হিচাপে ১৫০ টকাত বিক্ৰী কৰি আহিছিল দৰৱ ৷ ইয়াৰ পিছতেই স্থানীয় ঔষধ ব্যৱসায়ী সত্যব্ৰত ৰাভাৰ তৎপৰতাত কৰ’ণা ভাইৰাছৰ ঔষধ বিক্ৰী কৰিবলৈ অহা লোক দুজনক কৰায়ত্ত কৰি কাকী আৰক্ষীক গতাই দিয়া হয় ৷ অঞ্চলটোত কৰ’ণা প্ৰতিষেধকৰ নামত ব্যৱসায় চলোৱা চক্ৰটোৰ বিৰুদ্ধে ব্যৱস্থাৰ গ্ৰহণৰ নিৰ্দেশ জাৰি কৰিছিল জিলা উপায়ুক্ত চাদনেক সিঙে ৷ ধৃত লোকদুজন ক্ৰমে মাইলুৰ গৌতম ৰায় আৰু ৰামচবদ চৌহান ৷ দুয়োজনৰে পৰা আৰক্ষীয়ে জব্দ কৰিছে কেইবাটাও ঔষধৰ বটল ৷
লগতে পঢ়ক-ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱঃ সুকুমুদ্দিন আহমেদলৈ সহায়ৰ হাত