ETV Bharat / state

মোৰাঝাৰৰ লায়েক উদ্দিন হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান - চূড়ান্ত ৰায়দান

8 বছৰৰ সষ্টম কাৰাদণ্ড তিনি দোষীক

লায়েক উদ্দিন হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান
author img

By

Published : Mar 26, 2019, 12:35 AM IST

হোজাই, 24 মাৰ্চ : 2016 চনৰ 13মাৰ্চৰ হোজাই জিলাৰ মোৰাঝাৰ থানাৰ অন্তৰ্গত সাৱাজপুৰত সংঘটিত হোৱা নৃশংস হত্যাকাণ্ডৰ ৰায়দান ৷ হোজাই শংকৰদেৱ নগৰ অতিৰিক্ত জিলা ও সত্ৰ ন্যায়াধীশ আদালতে সোমবাৰে প্ৰদান কৰে এই হত্যাকাণ্ডৰ ৰায়দান ৷ হত্যাকাণ্ডৰ লগত জড়িত তিনি অভিযুক্ত ক্ৰমে চাদ্দাম হুছেইন, ইছলাম উদ্দিন, শ্বৰীফ উদ্দিনক সাক্ষ্য-প্ৰমাণৰ ভিত্তিত দোষী সাব্যস্ত কৰি 8বছৰৰ সষ্টম কাৰাদণ্ড বিহে সত্ৰ ন্যায়াধীশ আদালতে ৷ উল্লেখ্য যে, অতি পৰিকল্পিতভাৱে এই তিনিগৰাকী লোকে 2016চনৰ 13মাৰ্চত চোকা অস্ত্ৰৰে হানি খুচি হত্যা কৰিছিল মোৰাঝাৰৰ ক্ষুদ্ৰ ব্যৱসায়ী মোৰাঝাৰৰ সাৱাজপুৰৰ বাসিন্দা লায়েক উদ্দিনক ৷ এই হত্যাকাণ্ডৰ পাচতে ঘটনা সম্পৰ্কত নিহত লায়েক উদ্দিনৰ পিতৃ আব্দুল লতিফে মোৰাঝাৰ আৰক্ষী থানাত জালাল উদ্দিন,ছাদ্দাম হুছেইন,ইছলাম উদ্দিন,শ্বৰিফ উদ্দিন,নেছাৰুন নেছা,দিলৱাৰা বেগম আৰু আলী আচকৰক অভিযুক্ত কৰি দাখিল কৰিছিল এজাহাৰ ৷ উক্ত এজাহাৰৰ ভিত্তিতেঘটনা সম্পৰ্কত তদন্ত চলাই হোজাই সত্ৰ ন্যায়াধীশ আদালতে সোমবাৰে দোষী সাব্যস্ত কৰে তিনিওগৰাকীকে ৷

Slug : মোৰাঝাৰৰ লায়েক উদ্দিন হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দানঃ তিনি দোষীক সশ্ৰম কাৰদণ্ড 

Date : 25.03.2019

Vis : email

Story : ২০১৬ চনৰ ১৩ মাৰ্চৰ হোজাই জিলাৰ মোৰাঝাৰ থানাৰ অন্তৰ্গত সাৱাজপুৰত এক ভয়ংকৰ হত্যাকাণ্ড সংঘটিত হৈছিল ৷ এদল লোকে অতি পৰিকল্পিত ভাৱে চোকা অস্ত্ৰৰে হানি খুচি হত্যা কৰিছিল মোৰাঝাৰৰ ক্ষুদ্ৰ ব্যৱসায়ী  লায়েক উদ্দিনক ৷ আজি সেই হত্যাকাণ্ডৰ ৰায়দান কৰে জিলা অতিৰিক্ত সত্ৰ ন্যায়ধীশৰ আদালতে ৷ আদালতে তিনি জন লোকক এই হত্যকাণ্ডত জড়িত থকাৰ সাক্ষ্য-প্ৰমাণৰ ভিত্তিত দোষী সাব্যস্ত কৰে ৷ উল্লেখ্য যে,মোৰাঝাৰৰ সাৱাজপুৰৰ বাসিন্ধা লায়েক উদ্দিনৰ হত্যাৰ পিছত ঘটনা সম্পৰ্কত নিহত লায়েক উদ্দিনৰ পিতৃ আব্দুল লতিফে মোৰাঝাৰ আৰক্ষী থানাত জালাল উদ্দিন,ছাদ্দাম হুছেইন,ইছলাম উদ্দিন,শ্বৰিফ উদ্দিন,নেছাৰুন নেছা,দিলৱাৰা বেগম আৰু আলী আচকৰক অভিযুক্ত কৰি এখন এজাহাৰ দাখিল কৰিছিল ৷ সেই এজাহাৰৰ ভিত্তিত মোৰাঝাৰ থানাৰ আৰক্ষী বিষয়া অজিত তেৰনে হত্যাকাণ্ড সন্দৰ্ভত  ৩৫/১৬ নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ ১২০ (বি), ৩৮৭,৩০২,৩২৫ ধাৰাত এক গোচৰ পঞ্জীয়ন কৰি তদন্ত কৰে ৷ তদন্তৰ অন্তত আদালতত মোৰাঝাৰৰ আৰক্ষীয়ে সাতজন ব্যক্তিৰ বিৰুদ্ধে আদালতত চাৰ্জশ্বীট দাখিল কৰে ৷ শংকৰদেৱ নগৰস্থিত অতিৰিক্ত জিলা সত্ৰ ন্যায়াধীশৰ আদালতত চেচন নম্বৰ ৩৬/১৬ নম্বৰত গোচৰটোৰ শুনানীৰ চলে ৷ শুনানী প্ৰক্ৰিয়াৰ অন্তত হোজাই শংকৰদেৱ নগৰ অতিৰিক্ত জিলা ও সত্ৰ ন্যায়াধীশ এন এচ দেউৰীৰ আদালতে আজি মোৰাঝাৰ কঁপাই যোৱা হত্যাকাণ্ডটোৰ চূড়ান্ত ৰায় প্ৰদান কৰে ৷ আদালতে হত্যাত অভিযুক্ত চাদ্দাম হুছেইন, ইছলাম উদ্দিন, শ্বৰীফ উদ্দিনক দোষী সাব্যস্ত কৰি ৮ বছৰ সশ্ৰম কাৰাদণ্ড বিহে।আদালতত চৰকাৰী পক্ষ অৰ্থাৎ ভুক্তভোগীৰ হৈ লোক অধিবক্তা অমৰজ্যোতি শইকীয়াই যুক্তি প্ৰদৰ্শন কৰাৰ বিপৰীতে অভিযুক্ত সকলৰ হৈ যুক্তি দৰ্শাইছিল ৰাজেশ কুমাৰ আগৰৱালাই 

হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.