হোজাই, 16 মাৰ্চঃ ৰাজ্যত বহুলভাৱে প্ৰসাৰিত লালিগুড় চৰকাৰে নিষিদ্ধ কৰাৰ পাছতে এতিয়া চৰম অনিশ্চয়তাত ভুগিছে ৰাজ্যৰ কুঁহিয়াৰ ব্যৱসায়ী তথা গুড় ব্যৱসায়ী সকল । এক প্ৰকাৰে উলুৰ লগত বগৰী পোৰাৰ দৰে কুঁহিয়াৰ ব্যৱসায়ী সকলৰ অৱস্থাই যেন একেই হৈছে৷ যাৰ বাবে বছৰ-বছৰ হোজাই জিলাৰ লামডিঙত কুঁহিয়াৰ খেতি কৰি জীৱিকা নিৰ্বাহ কৰা দৰিদ্ৰ কৃষক সকল বাধ্য হৈ পৰিছে প্ৰতিবাদ কৰিবলৈ ৷ পানীৰ অভাৱত ধান খেতি অথবা অন্যান্য খেতি কৰাৰ অনুপযুক্ত এই অঞ্চলৰ কুঁহিয়াৰ খেতিয়কৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থা ৷
অসম চৰকাৰৰ কঠোৰ স্থিতিত এতিয়া হেঙাৰ হৈ পৰিছে কৃষক সকলৰ জীৱিকাত ৷ লালীগুড় নিষিদ্ধৰ নিৰ্দেশে এতিয়া ভাবুকি কঢ়িয়াই আনিছে কৃষক সকলৰ ভৱিষ্যতলৈ ৷ সেইবাবে শনিবাৰে পুৱাই প্ৰতিবাদত বহে কৃষক সকল ৷ কৃষক সকলৰ দাবী চৰকাৰে আৰু প্ৰশাসনে লামডিঙত আহি প্ৰমাণ কৰক গুড় খাই মানুহৰ মৃত্যু হয় বুলি৷ চৰকাৰে বজাৰত গুড় নিষিদ্ধ কৰাত ক্ষোভিত হৈ পৰিছে এতিয়া লামডিঙৰ কৃষকসকল ৷ ইয়াৰ লগতে কৃষক সকলৰ আন এক সমস্যা হৈছে পানীৰ অভাৱৰ বাবে লামডিঙৰ কুঁহিয়াৰ সমূহ পেৰাই পগুৱাৰ বাবে গুড় সমূহৰ ৰঙৰ বৰণ হৈ পৰে ক'লা ৷ যাৰ বাবে এতিয়া ব্যৱসায়ী সকলে কৃষকৰ পৰা গুড় কিনিবলৈ অমান্তি হৈছে ৷ লামডিঙৰ ক্ষোভিত কৃষক সকলে চৰকাৰৰ নীতিৰ বিৰুদ্ধে বিভিন্ন শ্ল’গানেৰে হুংকাৰ প্ৰদান কৰে চুলাই পান কৰি যদি তিনি শতাধিক লোকৰ মৃত্যু হৈছে তেন্তে আগন্তুক দিনত ৰাজ্যত হাজাৰ হাজাৰ কুঁহিয়াৰ খেতিয়কৰ মৃত্যু হ’ব ৷