হোজাই, 24 মে' : হোজাইত পথৰ দুৰৱস্থা ৷ নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰি নিৰ্মিত হৈছে পথ ৷ ফলত জহি খহি গৈছে নৱ নিৰ্মিত বাট-পথ ৷ পথ নিৰ্মাণৰ বাবে ধন আবন্টিত হৈছে ঠিকেই কিন্তু আবন্টিত ধনৰ সঠিক প্ৰয়োগ নোহোৱাৰ অভিযোগ ৷ লংকাৰ ৭ নং ৱাৰ্ডৰ সাৰদানন্দ পথ ছোৱা নিৰ্মাণৰ এমাহ সম্পূৰ্ণ নৌহওতেই জহি-খহি গৈছে পথছোৱা ৷ পথছোৱাৰ নিৰ্মাণকাৰ্যত অতি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ ফলতেই ধ্বংসস্তূপত পৰিণত হোৱাৰ দিশে অগ্ৰসৰ হৈছে পথছোৱা ৷
ঠিক একেদৰে লংকা ২নং ৰে'ল গেটৰ পৰা বাইপাছ সংযোগী পথ ছোৱাৰ অৱস্থাইয়ো বিপাঙত পেলাইছে জনসাধাৰণক ৷ পথছোৱাৰ মেৰামতি অতি দ্ৰুতগতিৰে চলি আছে যদিও অতি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰিয়েই সোনকালে নিৰ্মাণকাৰ্য সামৰাত উঠি-পৰি লাগিছে ঠিকাদাৰ-কৰ্মচাৰী ৷ যাৰ ফলত নিৰ্মাণ কাৰ্য চলি থকাৰ সময়তেই এৰাই গৈছে পথৰ আলকাতৰাৰ প্ৰলেপ ৷ স্থানীয় লোকে গড়কাপ্তানী বিভাগৰ বিষয়া কৰ্মচাৰীক পথ নিৰ্মাণত সংঘটিত হোৱা অনিয়মৰ বিষয়ে অভিযোগ প্ৰদান কৰিছে যদিও কোনো ব্যৱস্থা হাতত লোৱা নাই বিভাগটোৱে ৷