হোজাই, ২১ জুন: হোজাইৰ লংকাৰ ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথৰ গাতে লাগি থকা ৰিলায়েন্স পেট্ৰ'ল পাম্পত অৰাজকতা । দুই হাজাৰ টকাৰ তলত খুচুৰা তেল নিদিয়াক লৈ গ্ৰাহকৰ মাজত হাহাকাৰ | ফলত বঞ্চিত হৈছে বহু খুচুৰা তেলৰ গ্ৰাহক | গ্ৰাহকৰ অৰ্থে কোনো বিজ্ঞাপন নিদিয়াকৈ উৰ্দ্ধতম ৰিলায়েন্স কৰ্তৃপক্ষৰ পৰা ম'ৱাইল যোগে অহা এক নিৰ্দেশত দুই হাজাৰ টকাৰ তলত খুচুৰা ডিজেল তেল গাড়ীত ভৰাবলৈ অহা গ্ৰাহকক বঞ্চিত কৰিছে পাম্পটোৰ কৰ্তৃপক্ষই । আনহাতে, এজন গ্ৰাহকে বহু অনুৰোধ কৰাৰ পিছত পাঁচশ টকাৰ ডিজেল তেল গ্ৰাহক জনৰ বাহন খনত ভৰাই দিয়ে যদিও পাঁচশ টকাৰ ঠাইত কম্পিউটাৰ পিন্টেট এক হাজাৰ টকাৰ তেল ভৰোৱাৰ এখন শ্লিপহে গ্ৰাহকক দিয়া পৰিলক্ষিত হয় | পিছত গ্ৰাহক জনে পুনৰ সোধ-পোছ কৰাত কম্পিউটাৰ পিন্টেট এক হাজাৰ তেলৰ শ্লিপৰ ঠাইত হাতে লিখা পাঁচশ টকাৰ শ্লিপ দিয়ে পাম্প কৰ্তৃপক্ষই | ৰিলায়েন্স পেট্ৰ'ল পাম্প কৰ্তৃপক্ষই গ্ৰাহকৰ বাবে কোনো বেনাৰ নাইবা বিজ্ঞাপন নিদিয়াকৈ নিজৰ মইমতালি মতে এনে কায্য কৰাৰ ফলত তৰ্কা-তৰ্কিত লিপ্ত হয় গ্ৰাহক আৰু পাম্প কৰ্তৃপক্ষৰ মাজত । বিষয়টোৰ সম্পৰ্কত প্ৰশাসনক বিহিত ব্যৱস্থা লবলৈ আহবান গ্ৰাহকৰ অন্যথা পাম্পটোৰ বিৰুদ্ধে প্ৰতিবাদী কায্যসূচী হাতত লোৱাৰ কথা প্ৰকাশ কৰে স্থানীয় খুচুৰা গ্ৰাহক সকলে ।
হোজাইৰ লংকাৰ ৰিলায়েন্স পেট্ৰ'ল পাম্পত অৰাজকতা - ৰিলাইন্স পেট্ৰ'ল পাম্প
গ্ৰাহকৰ অৰ্থে কোনো বিজ্ঞাপন নিদিয়াকৈ উৰ্দ্ধতম ৰিলায়েন্স কৰ্তৃপক্ষৰ পৰা ম'ৱাইল যোগে অহা এক নিৰ্দেশত দুই হাজাৰ টকাৰ তলত খুচুৰা ডিজেল তেল গাড়ীত ভৰাবলৈ অহা গ্ৰাহকক বঞ্চিত কৰিছে পাম্পটোৰ কৰ্তৃপক্ষই ।
হোজাই, ২১ জুন: হোজাইৰ লংকাৰ ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথৰ গাতে লাগি থকা ৰিলায়েন্স পেট্ৰ'ল পাম্পত অৰাজকতা । দুই হাজাৰ টকাৰ তলত খুচুৰা তেল নিদিয়াক লৈ গ্ৰাহকৰ মাজত হাহাকাৰ | ফলত বঞ্চিত হৈছে বহু খুচুৰা তেলৰ গ্ৰাহক | গ্ৰাহকৰ অৰ্থে কোনো বিজ্ঞাপন নিদিয়াকৈ উৰ্দ্ধতম ৰিলায়েন্স কৰ্তৃপক্ষৰ পৰা ম'ৱাইল যোগে অহা এক নিৰ্দেশত দুই হাজাৰ টকাৰ তলত খুচুৰা ডিজেল তেল গাড়ীত ভৰাবলৈ অহা গ্ৰাহকক বঞ্চিত কৰিছে পাম্পটোৰ কৰ্তৃপক্ষই । আনহাতে, এজন গ্ৰাহকে বহু অনুৰোধ কৰাৰ পিছত পাঁচশ টকাৰ ডিজেল তেল গ্ৰাহক জনৰ বাহন খনত ভৰাই দিয়ে যদিও পাঁচশ টকাৰ ঠাইত কম্পিউটাৰ পিন্টেট এক হাজাৰ টকাৰ তেল ভৰোৱাৰ এখন শ্লিপহে গ্ৰাহকক দিয়া পৰিলক্ষিত হয় | পিছত গ্ৰাহক জনে পুনৰ সোধ-পোছ কৰাত কম্পিউটাৰ পিন্টেট এক হাজাৰ তেলৰ শ্লিপৰ ঠাইত হাতে লিখা পাঁচশ টকাৰ শ্লিপ দিয়ে পাম্প কৰ্তৃপক্ষই | ৰিলায়েন্স পেট্ৰ'ল পাম্প কৰ্তৃপক্ষই গ্ৰাহকৰ বাবে কোনো বেনাৰ নাইবা বিজ্ঞাপন নিদিয়াকৈ নিজৰ মইমতালি মতে এনে কায্য কৰাৰ ফলত তৰ্কা-তৰ্কিত লিপ্ত হয় গ্ৰাহক আৰু পাম্প কৰ্তৃপক্ষৰ মাজত । বিষয়টোৰ সম্পৰ্কত প্ৰশাসনক বিহিত ব্যৱস্থা লবলৈ আহবান গ্ৰাহকৰ অন্যথা পাম্পটোৰ বিৰুদ্ধে প্ৰতিবাদী কায্যসূচী হাতত লোৱাৰ কথা প্ৰকাশ কৰে স্থানীয় খুচুৰা গ্ৰাহক সকলে ।
ধনী গ্ৰাহকৰ বাবেহে যেন বৰ্তমান ব্যৱসায় কৰিছে ৰিলাইন্স কোম্পানী তথা ৰিলাইন্স তেল ডিপুৱে | দুখীয়া গ্ৰাহকৰ বাবে যেন নহয় এই ৰিলাইন্স তেল ডিপু | তেনে এক অৰাজকতাৰ ঘটনা সংঘটিত হল হোজাই জিলাৰ লংকাৰ ৰিলাইন্স তেল ডিপুত | হয়... লংকাৰ ৫৪নং ৰাষ্ট্ৰীয় ঘাই পথৰ গাতে লাগি থকা ৰিলাইন্স তেল ডিপুত গ্ৰাহকৰ মাজত হাহাকাৰ | দুই হাজাৰ টকাৰ তলত খুচুৰা ডিজেল তেল গ্ৰাহকক নিদিয়াক লৈ গ্ৰাহক আৰু ডিপুৰ কৰ্তৃপক্ষৰ মাজত তৰ্কা-তৰ্কি | গ্ৰাহকৰ অৰ্থে কোনো বিজ্ঞাপন নিদিয়াকৈ উদ্ধতম ৰিলাইন্স কৰ্তৃপক্ষৰ পৰা মৱাইলত অহা এক নিৰ্দেশক শীৰত লৈ দুইহাজাৰ টকাৰ তলত খুচুৰা ডিজেল তেল গাডীত ভৰাবলৈ অহা গ্ৰাহকক বঞ্চিত কৰাইছে এই তেল ডিপুৰ কৰ্তৃপক্ষকক্ষই | তাৰ বিপৰীতে ডাঙৰ ডাঙৰ ১০ চকীয়া ট্ৰাক গাডীত এখনৰ পিছত আন এখনত তেল দিয়া পৰিলক্ষিত হয় |ফলত বহু গ্ৰাহকে খুচুৰা ৫০০ বা ১০০০টকা নিজৰ চাৰিচকীয়া বাহন খনত তেল ভৰোৱাৰ পৰা বঞ্চিত হৱ লগা হৈছে | আনহাতে আকৌ এজন গ্ৰাহকে বহু অনুৰুধ কৰাৰ পিছত ৫০০টকাৰ ডিজেল তেল গ্ৰাহক জনক বাহন খনত ভৰাই দিয়ে যদিও পাচশ টকাৰ ঠাইত কম্পিউটাৰ পিন্টেট এক হাজাৰ টকাৰ তেল ভৰোৱাৰ এখন শ্লিপহে গ্ৰাহকক দিয়া পৰিলক্ষিত হয় | পিছত গ্ৰাহক জনে পুনৰ সোধ-পোছ কৰাত কম্পিউটাৰ পিন্টেট এক হাজাৰ তেলৰ শ্লিপৰ ঠাইত হাতে লিখা ৫০০ টকাৰ শ্লিপ দিয়ে | দৰাচলতে লংকাৰ ৰিলাইন্স তেল ডিপুৱে নিজ মন মৰ্জিৰে খুচুৰা গ্ৰাহকক গুৰুত্ব নিদি এক অৰাজকতাৰ পৰিবেশৰ সৃষ্টি কৰিছে | এতিয়া প্ৰশ্ন হয়, যদি এই সময়ত কোনোৱা গ্ৰাহকে গাডী নাইবা এম্বুলেন্সত দূৰ্ঘটনাগস্হ লোক নাইবা বেমাৰত আক্ৰান্ত ৰোগী লৈ উন্নত চিকিত্সাৰ বাবে নগাওলৈ যাবলৈ আহি তেল নাপাই তেতিয়া জগৰীয়া হৱ কোন ?? কিয় ৰিলাইন্স তেল ডিপুৰ কৰ্তৃপক্ষই গ্ৰাহকৰ বাবে কোনো বেনাৰ নাইবা বিজ্ঞাপন নিদিয়াকৈ নিজ মন মাৰ্জিত চলাই আছে ন ন নিয়ম | দৰাচলতে এইয়া চৰকাৰৰ দৃষ্টি গোচৰ হোৱাটো এক বাধ্যতামূলক হৈ পৰিছে |
BYTE: গ্ৰাহক/ ৰিলাইন্স তেল ডিপুৰ কৰ্তৃপক্ষ |
Conclusion:হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam