কাৰ্বি আংলং, 8 মাৰ্চঃ পাহাৰীয়া জিলা পশ্চিম কাৰ্বি আংলঙৰ জেংখাৰ টেলেহৰ আৰু খেৰণিতো উদযাপন কৰা হৈছে বিশ্ব নাৰী দিৱস । দুয়োটা স্থানতে বিজেপিৰ অসম প্ৰদেশ মহিলা মৰ্চাৰ উদ্যোগত দুখনকৈ সভা আয়োজন কৰা হয় ।
![International Womens Day Celebrations At karbi Anglong](https://etvbharatimages.akamaized.net/etvbharat/prod-images/6342599_karbianglong-2.jpg)
আজি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস ৷ পাহাৰীয়া জিলা পশ্চিম কাৰ্বি আংলঙৰ জেংখাৰ টেলেহৰ আৰু খেৰণিতো উদযাপন কৰা হৈছে বিশ্ব নাৰী দিৱস । এই দিৱসৰ লগত সংগতি ৰাখি বিজেপিৰ অসম প্ৰদেশ মহিলা মৰ্চাৰ উদ্যোগত দুখনকৈ সভা আয়োজন কৰা হয় । এক সজাগতামূলক উদ্দেশ্য লৈ নাৰী-পুৰুষৰ বৈষম্য দূৰ কৰা, নাৰীৰ ওপৰত অত্যাচাৰ তথা শোষণ বন্ধ কৰা, ডাইনী হত্যা ৰোধ কৰাকে আদি কৰি উপস্থিত আমন্ত্ৰিত অতিথিবৃন্দই বক্তব্য প্ৰদান কৰে ৷ আনহাতে মুখ্য অতিথি ৰূপে সভাত উপস্থিত হোৱা কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য মঙ্গলছিং তিমুঙে উল্লেখ কৰে যে "সাম্প্ৰতিক সময়ত নাৰী কোনো দিশে পুৰুষতকৈ কম নহয়"। সামাজিক, ৰাজনৈতিক ক্ষেত্ৰ, সেনা বাহিনী, বিজ্ঞানী, ক্ৰীড়াবিদ আদি প্ৰতিটো দিশতে পুৰুষৰ সমানে সমানে নাৰী সমাজেও স্থান দখল কৰিব পৰা হৈছে । এনেবোৰ দিশ বা উদাহৰণৰ প্ৰতি লক্ষ্য ৰাখি আমি দৃঢ়তাৰে কব পাৰো যে নাৰী কোনো দিশে পুৰুষতকৈ কম নহয় । উল্লেখযোগ্য যে, সভাত কাৰ্যবাহী সদস্য মঙ্গলছিং তিমুং, পশ্চিম কাৰ্বি আংলং জিলা বিজেপিৰ সভাপতি অৰুণ তেৰাং, ৰাংচিনা মহাবিদ্যালয়ৰ প্ৰবক্তা ক্ৰমে কাচ্চে তেৰাংপি, ৰূপলিন ক্ৰপিৰ বিপৰীতে কাৰ্বি পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্যা কাৱন ইংতিপি, পশ্চিম কাৰ্বি আংলং জিলা বিজেপিৰ কাৰ্যালয় সম্পাদক হাৰমন বে', হামৰেন বহুমুখী সমবায় সমিতিৰ অধ্যক্ষ জয়ছিং ইংতি, হাৰলংচৰা বহুমুখী সমবায় সমিতিৰ অধ্যক্ষ পিটৰ তিমুং, হামৰেন পৰিষদীয় সমষ্টিৰ গাওঁ উন্নয়ন সমিতিৰ অধ্যক্ষ ছাৰছিং ফাংছ', গাওঁ উন্নয়ন সমিতিৰ প্ৰাক্তন অধ্যক্ষ বীৰেন তিচ্ছ'ৰ লগতে বিজেপি নেতা আৰচঙ ৰংহাং আৰু কেবা শতাধিক মহিলা উপস্থিত থাকে।