ETV Bharat / state

কিহৰ বাবে লংকা পৌৰসভাৰ সদ্য বিজয়ী নির্দলীয় প্ৰাৰ্থীয়ে দিলে সংবাদমেল ?

শুকুৰবাৰে লংকাৰ গড়কাপ্তানি বিভাগৰ পৰিদৰ্শন ভৱনত বিজয়ী নির্দলীয় প্ৰাৰ্থী ৰমা মজুমদাৰে আযোজন কৰিলে এখন সংবাদমেল ৷ সংবাদমেলত ৱাৰ্ডটোৰ জয়ৰাম বস্তিৰ বিজেপিৰ বিষ্ণু ভট্টাচার্যীৰ ঘৰত ফটকা দলিয়াই ঘৰৰ কাপোৰ জ্বলাই দিয়াৰ অভিযোগক সম্পূৰ্ণৰূপে ন্যাসৎ কৰে ৷

Independent candidate organaize press conference at Lanka in Hojai
হোজাই জিলাৰ লংকাত নির্দলীয় প্ৰাৰ্থীৰ সংবাদমেল
author img

By

Published : Mar 11, 2022, 10:09 PM IST

হোজাই, 11 মাৰ্চ : হোজাই জিলাৰ লংকাৰ 10 নং ৱাৰ্ডৰ নিৰ্দলীয় প্ৰার্থী ৰমা মজুমদাৰৰ সমৰ্থকে সদ্য ঘোষিত পৌৰসভা নিৰ্বাচনী ফলাফল ঘোষণাৰ পাচতে আনন্দ-উল্লাস কৰি ৱাৰ্ডটোৰ জয়ৰাম বস্তিৰ বিজেপিৰ বিষ্ণু ভট্টাচার্যীৰ ঘৰত ফটকা দলিয়াই ঘৰৰ কাপোৰ জ্বলাই দিয়াৰ অভিযোগ উত্থাপন কৰি 3 জন সমৰ্থকৰ বিৰুদ্ধে লংকা থানাত গোচৰ ৰুজু কৰিছিল ৷ এই সমৰ্থককেইজন ক্ৰমে, অনুপম গোস্বামী, শংকৰ আচাৰ্যী আৰু বিকাশ দে’ বুলি জানিব পৰা গৈছে ৷

এই ঘটনাৰ ওপৰত ভিত্তি কৰি শুকুৰবাৰে লংকাৰ গড়কাপ্তানি বিভাগৰ পৰিদৰ্শন ভৱনত বিজয়ী নির্দলীয় প্ৰাৰ্থী ৰমা মজুমদাৰে এখন সংবাদমেল আয়োজন কৰি (Independent candidate organize press conference at Lanka) মিছা গোচৰ জাপি দি বিজেপি প্ৰাৰ্থীয়ে হাৰাশাস্তি কৰা বুলি দাবী কৰে ৷ লগতে আৰক্ষীয়ে নিৰপেক্ষ তদন্ত কৰিলে গোচৰটো যে মিছা সেয়া ওলাই পৰিব বুলিও উল্লেখ কৰে বিজয়ী প্ৰাৰ্থীগৰাকীয়ে ৷

হোজাই জিলাৰ লংকাত নির্দলীয় প্ৰাৰ্থীৰ সংবাদমেল

আনহাতে, গুচৰীয়া বিষ্ণু ভট্টাচাৰ্যীয়ে 20 দিন মানৰ আগত নিৰ্বাচনী প্ৰচাৰৰ সময়ত ভয়-ভাবুকি দিয়া বুলি উল্লেখ কৰে ৷ তাৰোপৰি শুকুৰবাৰে পুৱা 10 মান বজাত জুমা ঘোষৰ ঘৰলৈ গৈ থকাৰ অৱস্থাত প্ৰাণে মৰাৰ ভাবুকি দিয়াৰ অভিযোগ উত্থাপন কৰি নিৰ্দলীয় প্ৰাৰ্থী ৰমা মজুমদাৰে এখন এজাহাৰ দাখিল কৰা বুলি সংবাদমেলত জানিবলৈ দিয়ে । লগতে, ৱাৰ্ডটোৰ প্ৰেমধৰ পোদ্দাৰ নামৰ এজন লোকেও বিষ্ণু ভট্টাচার্যীৰ বিৰুদ্ধে লংকা থানাত গোচৰ তৰিছে বুলি জানিবলৈ দিয়ে বিজয়ী প্ৰাৰ্থীগৰাকীয়ে ।

লগতে পঢ়ক : উচ্চ ন্যায়ালয়ৰ স্থগিতাদেশ: থানাই পঞ্জীয়ন কৰিব নোৱাৰিব মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গোচৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.