ETV Bharat / state

কামপুৰত লংজাপ পাহাৰৰ পৰা বাগৰি পৰিল এটা হাতী পোৱালী

author img

By

Published : Nov 10, 2020, 12:41 PM IST

Updated : Nov 10, 2020, 1:00 PM IST

নগাঁৱৰ কামপুৰ লংজাপ পাহাৰৰ পৰা সোমবাৰে নিশা বাগৰি পৰিল এটি হাতী পোৱালী ৷ শুৰ আৰু মূৰত আঘাত পাইছে হাতী পোৱালিটোৱে ৷

কামপুৰত লংজাপ পাহাৰৰ পৰা বাগৰি পৰিল এটা হাতী পোৱালী
কামপুৰত লংজাপ পাহাৰৰ পৰা বাগৰি পৰিল এটা হাতী পোৱালী

হোজাই,10 নৱেম্বৰঃ কামপুৰ লংজাপ পাহাৰৰ পৰা সোমবাৰে নিশা বাগৰি পৰিল এটা বন্য হস্তীৰ পোৱালী ৷ মাতৃৰ লগত নিশা খাদ্যৰ সন্ধানত অহা এমহীয়া হাতী পোৱালীটো জাকৰ মাজৰ পৰা হঠাৎ পাহাৰৰ তললৈ বাগৰি পৰে ৷ পুৱা স্থানীয় লোকে আহত হাতী পোৱালিটো উদ্ধাৰ কৰি বন বিভাগক খৱৰ দিয়ে ৷ শুৰ আৰু মূৰত আঘাত পাইছে হাতী পোৱালিটোৱে ৷

ইপিনে ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈছে যদিও এই পৰ্যন্ত চিকিৎসক উপস্থিত হোৱা নাই ৷ স্থানীয় ৰাইজে প্ৰতিপালন কৰিছে কণমানি হাতী পোৱালীটোক ৷ উল্লেখ্য যে,লংজাপ পাহাৰৰ পৰা প্ৰায়েই খাদ্যৰ সন্ধানত বন্য হস্তীৰ বৃহৎ জাক নামি আহে ৷ সেমবাৰে নিশাও এনেদৰে খাদ্যৰ সন্ধানত নামি আহোতেই হঠাৎত পাহাৰৰ ওপৰৰ পৰা বন্য হস্তীৰ পোৱালিটো বাগৰি পৰিছিল ৷

লগতে পঢ়কঃ অতি শীঘ্ৰেই বিজেপিত যোগ দিব সাংসদ বিশ্বজিৎ দৈমাৰীয়ে

Last Updated : Nov 10, 2020, 1:00 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.