ETV Bharat / state

হোজাইত অব্যাহত হাতী-মানুহৰ সংঘাত

author img

By

Published : Jun 1, 2021, 1:23 PM IST

বিগত কিছুদিন ধৰি হোজাই জিলাত বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাতৰ ঘটনা ৷ জিলাখনৰ কোমোৰাকাটা, ঠেপেলাগুৰি আদি অঞ্চলত খাদ্যৰ সন্ধানত ওলাই অহা হাতীৰ জাকটোৱে সোমবাৰে কেইবাটাও বাসগৃহৰ লগতে খেতিপথাৰ, শস্য আদিও নষ্ট কৰে ৷

human-elephant-conflict-in-hojai
হোজাইত অব্যাহত হাতী মানুহৰ সংঘাত

হোজাই,1 জুন: সোমবাৰে হোজাইত পুনৰ চলিল বন্যহস্তীৰ তাণ্ডৱ । জিলাখনৰ কোমোৰাকাটা, ঠেপেলাগুৰি আদি অঞ্চলত বন্যহস্তীয়ে ধ্বংস কৰিলে কেবাটাও বাসগৃহ ৷ কেবল সিমানেই নহয় অঞ্চল কেইটাৰ খেতিপথাৰ, শস্য আদিও নষ্ট কৰে কোমোৰাকাটা বনাঞ্চলৰ পৰা ওলাই অহা বন্যহস্তীৰ জাকটোৱ ৷

উল্লেখযোগ্য যে, খাদ্যৰ সন্ধানত জনবসতিপূৰ্ণ অঞ্চললৈ ওলাই অহা হাতীৰ জাকটোৱে কোমোৰা কাটাৰ মঞ্জু হাচান আৰু ঠেপেলাগুৰিৰ জিতেন ৰয়ৰ বাসগৃহ ভাঙি লণ্ড-ভণ্ড কৰে ৷ ইয়াৰ লগতে ঠেপেলাগুৰি জনজাতি প্ৰাথমিক বিদ্যালয়ৰ গৃহসমূহ ভাঙি বিধ্বস্ত কৰাৰ লগতে দক্ষিণ কোমোৰাকাটাত বহু লোকৰ খেতি-বাতি, শস্য আদিত উপদ্ৰৱ চলাই নষ্ট কৰে ৷

উল্লেখ্য যে, বিগত কিছুদিন ধৰি হোজাইৰ ৰাইকাটা, কোমোৰাকাটা, ঠেপেলাগুৰি আদি অঞ্চলত বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই বিস্তৰ ক্ষতিসাধন কৰি আহিছে ৷ ইয়াৰ লগতে কিছুদিন পূৰ্বে বনৰীয়া হাতীৰ তাণ্ডৱত জিলাখনৰ চাওতাল বস্তিত খাদ্যৰ সন্ধানত প্ৰৱেশ কৰা হাতীৰ আক্ৰমণত নিহত হৈছে এজন লোক ।

লগতে পঢ়ক: শিৱসাগৰত মেঘ বিস্ফোৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.