হোজাই,১৯ জুলাই : ৰাজ্যৰ ভিন্ন প্ৰান্তত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে (Assam police raid against drugs)। বিভিন্ন জিলাত আৰক্ষীয়ে প্ৰায় প্ৰতিদিনে ড্ৰাগছ জব্দ কৰাৰ লগতে এই ব্যৱসায়ত জড়িত বহু লোকক গ্ৰেপ্তাৰ কৰিছে । অৱশ্যে ইয়াৰ পাছতো একাংশ দুষ্টচক্ৰই বিভিন্ন ধৰণৰ কৌশল অৱলম্বন কৰি ৰাজ্যত মাৰাত্মক ড্ৰাগছৰ বেহা অব্যাহত ৰাখিছে । যাৰ বাবে অসম আৰক্ষী পুনৰ এই ক্ষেত্ৰত কঠোৰ হৈছে ।
ইয়াৰ মাজতে হোজাই আৰক্ষীৰ বৃহৎ সফলতা । সোমবাৰে আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ ড্ৰাগছ । প্ৰায় ১ কোটি টকাৰ ড্ৰাগছসহ এজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় (Huge amount of drugs seized in Hojai)।
হোজাইৰ উপ-আৰক্ষী অধীক্ষক প্ৰাণজিৎ দুৱৰাই জানিবলৈ দিয়া মতে এক গোপন সূত্ৰৰ ভিত্তিত আৰক্ষীয়ে হোজাই ৰেল ষ্টেচনত অভিযান চলাইছিল । নিশা গুৱাহাটী অভিমুখী অবধ অসম ৰেলখনৰ পৰা ষ্টেচনত নমাৰ সময়তে ড্ৰাগছ সৰবৰাহকাৰীজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । ধৃত লোকজন লামডিঙৰ দেৱাশীষ হুৰ বুলি জানিব পৰা গৈছে ।
ধৃত দেৱাশীষৰ পৰা ৯৮৩ গ্ৰাম ড্ৰাগছ জব্দ কৰিছে হোজাই আৰক্ষীয়ে । জানিব পৰা মতে ধৃত দেৱাশীষে বিক্ৰীৰ বাবে আনিছিল ড্ৰাগছখিনি । ঘটনা সম্পৰ্কত আৰক্ষীয়ে ধৃত ড্ৰাগছ সৰবৰাহকাৰীক সোধা-পোছা অব্যাহত ৰাখিছে ।
লগতে পঢ়ক :Drugs seized: কৰিমগঞ্জত বুজন পৰিমাণৰ নিচাজাতীয় টেবলেটসহ গ্ৰেপ্তাৰ এজনক