ETV Bharat / state

হোজাইত অব্যাহত HSLC ৰ ফলাফল বিতৰ্ক - প্ৰি টেষ্টত উত্তীৰ্ণ হোৱাৰ পাছত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ফেইল

সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল সন্দৰ্ভত ৰাজ্যৰ কেইবাখনো জিলাত অব্যাহত আছে বিতৰ্ক ৷ সমান্তৰালকৈ হোজাই জিলাতো ফলাফলক লৈ অসন্তুষ্টি প্ৰকাশ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে একাংশ অনুত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীয়ে ৷

hslc-result-controversy-continues-at-hojai
হোজাইত অব্যাহত আছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল বিতৰ্ক
author img

By

Published : Aug 2, 2021, 10:55 PM IST

হোজাই, 2 আগষ্ট : ক'ভিড সৃষ্ট পৰিৱেশৰ বাবে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা অনুষ্ঠিত নকৰিলে শিক্ষা বিভাগে ৷ পৰীক্ষা অনুষ্ঠিত নহ’লেও মূল্যায়নৰ ওপৰত ভিত্তি কৰি ইতিমধ্যেই বিভাগে ঘোষণা কৰিছে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ৷ কিন্তু এই ফলাফলক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছে আন এক নতুন বিতৰ্কৰ ৷ এইবাৰ ছাত্ৰ-ছাত্ৰীসকলক উত্তীৰ্ণ কৰাৰ নামত একাংশ শিক্ষকৰ বিৰুদ্ধে উৎকোচ গ্ৰহণৰো অভিযোগ উত্থাপন হৈছে ৷

ৰাজ্যৰ বহুকেইখন জিলাত সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল সন্দৰ্ভত বিতৰ্ক অব্যাহত থকাৰ মাজতে সোমবাৰে হোজাই জিলা লংকাত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অনুত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ৷ একাংশ অনুত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীয়ে পাব্লিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সাব্যস্ত কৰে এই প্ৰতিবাদ ৷ অনুত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলে অভিযোগ কৰা অনুসৰি, নৱম আৰু দশম শ্ৰেণীৰ প্ৰিটেষ্টত উত্তীৰ্ণ হৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হবলৈ তেওঁলোকে নিজৰ নিজৰ নাম পঞ্জীয়ন কৰিছিল ৷ কিন্তু নৱম আৰু দশম শ্ৰেণীৰ প্ৰি-টেষ্টত উত্তীৰ্ণ হোৱাৰ পাছতো হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত তেওঁলোকক অনুত্তীৰ্ণ ঘোষণা কৰা হৈছে ৷

হোজাইত অব্যাহত আছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল বিতৰ্ক

লগতে পঢ়কঃ মূল্যাংকনক লৈ সন্তুষ্ট নহয় মৰিগাঁৱৰ শিক্ষাৰ্থী

এই সন্দৰ্ভত তীব্ৰ ক্ষোভ প্ৰকাশ কৰি নৱম আৰু দশম শ্ৰেণীৰ প্ৰি-টেষ্টত উত্তীৰ্ণ হোৱাৰ পাছত কিয় হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল বেয়া হ'ল বুলি প্ৰশ্ন উত্থাপন কৰিছে অনুত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলে ৷ লগতে ঘটনা উচিত তদন্ত কৰি তেওঁলোকক ন্যায় প্ৰদান কৰাৰ দাবী উত্থাপন কৰিছে ছাত্ৰ-ছাত্ৰী প্ৰতিবাদকাৰীসকলে ৷ ইফালে বহুবাৰ মেট্ৰিক পৰীক্ষাত বহি উত্তীৰ্ণ হ'ব নোৱাৰা একাংশ ছাত্ৰ-ছাত্ৰীক কিহৰ নম্বৰৰ ভিত্তিত উত্তীৰ্ণ কৰাই দিলে বুলি প্ৰশ্ন উত্থাপন কৰিছে ছাত্ৰ-ছাত্ৰীসকলে ৷

এনেদৰে কেইবাটাও দাবীৰে পাব্লিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলে ৷ একাংশ ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকে অভিযোগ কৰা অনুসৰি এই পৰীক্ষাৰ ফলাফলৰ বাবে কোনোৱে যদি আত্মহত্যা কৰে তেনেহলে ইয়াৰ বাবে জগৰীয়া হ'ব মুখ্যমন্ত্ৰী ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.