হোজাই,23জানুৱাৰী: বৃহস্পতিবাৰে হোজাইৰ ৱাৰীগেডিং গাঁৱত গ্ৰেপ্তাৰ হয় এটা ডকাইত ৷ ধৃত ডকাইতটোৰ নাম অশোক কুমাৰ বিশ্বাস ৷ ডকাইতি গোচৰৰ অভিযুক্ত অশোক কুমাৰ বিশ্বাসক হোজাই আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে ৷
অন্য এক খবৰৰ বাবে : ধেমাজিত পালন দেউৰী জনগোষ্ঠীয় মাঘ বিহু
উল্লেখ্য যে,চলিত বৰ্ষৰ ১৩ জানুৱাৰীত কলকাতাৰ খৰগপুৰৰ এটা পৰিয়ালত অশোকে ডকাইতিৰ কাণ্ড সংঘটিত কৰি হত্যাকাণ্ড কৰাৰ অভিযোগ উত্থাপন হৈছিল ৷ এই ঘটনা সন্দৰ্ভত খৰগপুৰ থানাত ১৮/২০২০ নম্বৰত ৰুজু হৈছিল এক গোচৰ ৷ পলাতক অৱস্থাত থকা ধৃত অশোকক অৱশেষত আৰক্ষীয়ে হোজাই জিলাৰ ৱাৰীগেডিঙৰ পৰা গ্ৰেপ্তাৰ কৰে ৷ বৰ্তমান অভিযুক্ত অশোক কুমাৰ বিশ্বাসক কলকাতালৈ লৈ গৈ তদন্ত অব্যাহত ৰাখিব বুলি জানিবলৈ দিয়ে হোজাই আৰক্ষীয়ে ৷