হোজাই,7 এপ্ৰিল: নিৰ্বাচনৰ ব্যস্ততাৰ মাজতে আকৌ আহিল অসমীয়াৰ প্ৰাণৰ ৰঙালী বিহুটি ৷ কুলি কেতেকীৰ মৌ বৰষা মাত আৰু ঢোলৰ গুমগুমণিৰ লগতে পেঁপাৰ সুৰীয়া সুৰত তৰণি নোহোৱা হৈছে অসমীয়াৰ গাত ৷ অসমৰ গাঁৱে-ভূঞে এতিয়া ৰঙালীৰ প্ৰস্তুতি ৷ বিহুটিক আদৰাৰ বাবে সাজু হৈছে অসমবাসী ৷
ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে বিহুটিক আদৰিবলৈ হোজাইতো চলাইছে পূৰ্ণ প্ৰস্তুতি ৷ হোজাই জিলাৰ সাংস্কৃতিকৰ বৰপথাৰৰ কাকী 1নং চাৰিআলি ক্ৰীড়া সন্থাৰ খেল পথাৰৰ প্ৰাংগণতো ৰঙালীক আদৰাৰ বাবে আৰম্ভ কৰা হৈছে বিহুৰ আখৰা ৷ ৰূপহী গাভৰু সকলো ব্যস্ত হৈ পৰিছে কৰ্মশালাত ৷ হোজাই জিলা ছাত্রসন্থাৰ ব্যৱস্থাপনাত আৰু কাকী ৰাইজৰ সহযোগত আয়োজন কৰা কৰ্মশালাত বিহুৱতী সাগৰিকা হাতীবৰুৱাৰ লগতে উজনি অসমৰ পৰা অহা তিনিজনীয়া এটা দলে প্ৰশিক্ষণ দিয়ে অঞ্চলটোৰ শিশুৰ পৰা আৰম্ভ কৰি চেমনীয়া, ডেকা-গাভৰুলৈকে ৷
![ৰঙালীক আদৰিবলৈ সাজু হোজাইবাসী](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-hojai-01-07apr-preparation-rangali-bihu-vis-byte-photo-10015_07042021103530_0704f_1617771930_177.jpg)
দুশৰো অধিক প্ৰশিক্ষাৰ্থীয়ে অংশ গ্ৰহণ কৰা এই কৰ্মশালাত ঐতিহাসিক ধাৰা অক্ষুন্ন ৰখাৰ লগতে ঢোলৰ ছেৱে-ছেৱে কঁকাল ভাঙিছে হোজাইৰ নাচনীয়ে ৷ বিগত বছৰটোত ক'ৰণা মহামাৰীৰ বাবে বিহু উদযাপন কৰিব নোৱাৰা অসমীয়াই দুগুণ উৎসাহেৰে আগবাঢ়িছে এইবেলি চেনেহৰ ৰঙালী বিহুটিক আদৰাৰ বাবে ৷
লগতে পঢ়ক: ৰঙালীক আদৰিবলৈ সাজু জকাই কলিয়নীবাসী