হোজাই, 11 জুন : চুবুৰীয়া ৰাজ্য পশ্চিমবংগত (West Bengal) হোজাই আৰক্ষীয়ে ৰূপায়ণ কৰিলে এক সফল অভিযান । অপহৃত কিশোৰীৰ সন্ধানত পাঁচদিনে কলকাতাত বাঁহৰ পাতি আৰক্ষীয়ে লাভ কৰিলে সফলতা । মুৰ্চিদাবাদ জিলাৰ জানপুৰ গাঁৱত অভিযান চলাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে অপহৰণকাৰীক ।
আৰক্ষীৰ এই অভিযানত উদ্ধাৰ কৰা হ’ল অপহৃত কিশোৰী গৰাকী । ধৃত অপহৰণকাৰীটোৰ নাম ইলিয়াছ শ্বেখ বুলি জানিব পৰা গৈছে । উল্লেখ্য যে, হোজাইৰ এফচিআই ৰোড(FCI Road)ত ভাৰতীয়া হিচাপে থাকি ধৃত ইলিয়াছ শ্বেখে হোজাইত চুলিৰ ব্যৱসায় কৰিছিল । ঘৰে ঘৰে গৈ চুলি ক্ৰয় কৰি আনি ইলিয়াছ শ্বেখে চলাই গৈছিল এই বেহা ।
ঘৰে ঘৰে গৈ চুলি ক্ৰয় কৰাৰ সুবাদতে চিনাকি হোৱা এফচিআই ৰোডৰ আফিয়া বেগমৰ কন্যাক বিভিন্ন প্ৰলোভনেৰে চলিত বৰ্ষৰ ২৯ এপ্ৰিলত স্কুললৈ যোৱাৰ পথত ইলিয়াছ শ্বেখে অপহৰণ কৰি কলকাতালৈ নিয়ে । ঘটনা সংক্ৰান্তত কিশোৰীৰ মাতৃয়ে হোজাই থানাত দাখিল কৰা অপহৰণৰ গোচৰৰ ভিত্তিত হোজাই আৰক্ষীৰ টাউন উপ পৰিদৰ্শক ( town SI of police ) বদন বৰাৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে কলকাতাৰ (Kolkata) পৰা অপহৰণকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে অপহৃত কিশোৰী গৰাকীক উদ্ধাৰ কৰি হোজাইলৈ শুকুৰবাৰে লৈ আহে ।
ইতিমধ্যে, হোজাই আৰক্ষীৰ জিম্মাত থকা ধৃত ইলিয়াছ শ্বেখ ইৰানী গ্রুপৰ এগৰাকী সদস্য বুলি আৰক্ষীয়ে সন্দেহ কৰি জেৰা অব্যাহত ৰাখিছে ।
লগতে পঢ়ক: উদালী কাণ্ডৰ লগত জড়িত পুনৰ এজন অভিযুক্তক গ্ৰেপ্তাৰ