হোজাই,31জুলাই : হোজাই জিলাৰ মোৰাঝাৰৰ এখন আৰক্ষী থানাত পালন কৰা হৈছে পশুধন ৷ থানাখনৰ কৰ্মৰত আৰক্ষীয়ে প্ৰতিপালন কৰিছে ২৪ টাকৈ গৰু ৷
উল্লেখ যে, ১৯ জুলাইৰ নিশা আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰিছিল গৰু সৰবৰাহ চক্ৰৰ লগত জড়িত দুজন ব্যক্তিৰ লগতে ২৪ টাকৈ চুৰি গৰু ৷ ঘটনাৰ লগত জড়িত দুই অভিযুক্তক ইতিমধ্যেই আৰক্ষীয়ে জেল হাজোতলৈ প্ৰেৰণ কৰিছে যদিও চুৰি গৰুকেইটাক ১৯ জুলাইৰ পৰা এনেদৰে মোৰাঝাৰ থানাৰ চৌহদতেই ৰাখি আৰক্ষীয়ে চোৱা-চিতা কৰিৱ লগা হৈছে ৷ ইত্যিমধ্যে আৰক্ষীয়ে অস্থায়ী ভাৱে এজন ব্যক্তিক পশুধন কেইটাক চোৱা-চিতাৰ বাবে নিয়োজিত কৰিছে যদিও পযাপ্ত পৰিমানৰ খাদ্য আৰু নিশা ৰাখিবলৈ গোহালীৰ সু-ব্যৱস্হা নথকাত পশুধন কেইটা অসুস্থ হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ৷