ETV Bharat / state

হোজাই জিলাৰ লংকা আৰক্ষীৰ জালত গভাইত গাড়ী চোৰ

author img

By

Published : Aug 7, 2020, 3:09 PM IST

বিগত কিছু দিনৰ পৰা লংকা চহৰত বাইক চুৰি কাণ্ড সংঘটিত কৰি আৰক্ষীৰ নিদ্ৰাহৰণ কৰা গভাইত চোৰক আটক কৰিলে লংকা আৰক্ষীয়ে ৷ চোৰটো লংকাৰ নখুটীৰ মিনাই বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷

HOJAI POLICE ARRESTED CAR THIEF
আৰক্ষীৰ জালত গাড়ী চোৰ মিনাই

হোজাই , 7 আগষ্টঃ বিগত কিছুদিনৰ পৰা লংকা চহৰত বাইক চুৰি কাণ্ড সংঘটিত কৰি আৰক্ষীৰ নিদ্ৰাহৰণ কৰা গভাইত বাইক চোৰ নিমাৰ আলি ওৰফে "মিনাই"ক অৱশেষত আটক কৰিবলৈ সক্ষম হ’ল লংকা আৰক্ষীয়ে ৷ নগাঁৱৰ দিশৰ পৰা লংকা অভিমুখে এখন মাৰুটি এল্ট' গাড়ীৰে আহি থকা অৱস্থাত লংকাৰ ভালুকমাৰী অ'ভাৰ ব্ৰীজৰ সমীপৰ পৰা লংকা আৰক্ষীৰ নিয়মীয়া তহলদাৰী দলে আটক কৰে মিনাইক নামৰ চোৰটোক ৷ গভাইত চোৰটো আৰক্ষীৰ জালত পৰাৰ পাছতেই স্বস্তিৰ নিশ্বাস পেলাইছে লংকাবাসীয়ে ৷

আৰক্ষীৰ জালত গাড়ী চোৰ মিনাই

আৰক্ষীৰ দলটোৱে চোৰটোৰ লগতে জব্দ কৰে AS 02 D 2930 নম্বৰৰ এখন মাৰুটি এল্টো বাহন ৷ লংকাৰ কেইবাটাও গাড়ী চুৰি কাণ্ডত জড়িত হৈ থকাৰ অভিযোগত কেইবাটাও গোচৰ ৰুজু হৈ আছে মিনাইৰ বিৰুদ্ধে ৷

লগতে পঢ়কঃ ৰামভক্তক বাবৰ ভক্তৰ আক্ৰমণঃ অশোক সিংঘাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.