ETV Bharat / state

প্লাজমাদাতাৰ বাবে বিশেষ পদক্ষেপ ওমপ্ৰকাশ প্ৰমিলা দেৱী মেমৰিয়েল ট্ৰাষ্টৰ - কৰ'ণা মাহামাৰী

হোজাই জিলাত প্লাজমা দান কৰা 100 গৰাকী লোকৰ প্ৰতিগৰাকীকে 5 হাজাৰ টকাৰে সন্মানিত কৰাৰ পদক্ষেপ গ্ৰহণ, ওমপ্ৰকাশ প্ৰমিলা দেৱী মেমৰিয়েল ট্ৰাষ্টৰ ৷ স্বাধীনতা দিৱসৰ দিনাই সংস্থাটোৱে গ্ৰহণ কৰে এই পদক্ষেপ ৷

ওমপ্ৰকাশ প্ৰমিলা দেৱী মেমোৰিয়েল ট্ৰাষ্টৰ

author img

By

Published : Aug 16, 2020, 3:12 PM IST

হোজাই, 16 আগষ্ট: স্বাধীনতা দিৱসৰ দিনাই ওমপ্ৰকাশ প্ৰমিলা দেৱী মেমৰিয়েল ট্ৰাষ্টে গ্ৰহণ কৰিলে এক প্ৰশংসনীয় পদক্ষেপ ৷ হোজাই জিলাত প্লাজমা দান কৰা 100 গৰাকী লোকৰ প্ৰতিগৰাকীকে 5 হাজাৰ টকাৰে পুৰস্কৃত কৰাৰ কথা ঘোষণা কৰে ট্ৰাষ্টটোৱে ৷ বৰ্তমানলৈ কৰ'ণা মাহামাৰী ৰোধ কৰিবলৈ কোনো ধৰণৰ প্ৰতিষেধকৰ ব্যৱস্থা ওলোৱা নাই যদিও, স্বাস্থ্য বিভাগে ঘোষণা কৰা অনুসৰি প্লাজমা থেৰাপিয়ে এই মহামাৰী প্ৰতিৰোধৰ ক্ষেত্ৰত বিশেষ ভূমিকা আগবঢ়ায় ৷ কিন্তু এতিয়াও প্লাজমা দানৰ বাবে ৰাইজৰ মাজত সজাগতাৰ অভাৱ বুলি উল্লেখ কৰিছে ওমপ্ৰকাশ প্ৰমিলা দেৱী মেমৰিয়েল ট্ৰাষ্ট কৰ্তৃপক্ষই ৷

প্লাজমাদাতাৰ বাবে বিশেষ পদক্ষেপ
প্লাজমাদাতাৰ বাবে বিশেষ পদক্ষেপ

যাৰ বাবে স্বেচ্ছাসেৱী সংস্থাটোৰ উদ্যোগত কৰ'ণাৰ পৰা সুস্থ হৈ অহা লোকৰ মাজত প্লাজমা দানৰ সজাগতা বৃদ্ধি কৰাৰ লগতে, তেওঁলোকক প্লাজমা দানৰ বাবে উৎসাহিত কৰাৰ বাবে সংস্থাৰটোৰ অধ্যক্ষ ৰোহিত আগৰৱালাই প্ৰতি গৰাকী প্লাজমা দান কৰা লোকক সন্মানিত কৰিবলৈ 5 হাজাৰ টকা প্ৰদানৰ পদক্ষেপ গ্ৰহণ কৰে বুলি উল্লেখ কৰে ৷ ইতিমধ্যে হোজাই জিলাৰ বহু লোকে আৰোগ্য লাভ কৰিছে কৰ'ণা মহামাৰীৰ কবলৰ পৰা ৷ তেওঁলোকৰ ভিৰতৰ প্লাজমা দিয়াৰ বাবে সক্ষম লোক সকলে যাতে আগবাঢ়ি আহি এই মহামাৰী ৰোধৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰে, সেই লক্ষ্যৰে সংস্থাটোৱে এনে পদক্ষেপ গ্ৰহণ কৰে ৷ সংস্থাটোৰ এই পদক্ষেপক যথেষ্ট শলাগ লৈছে ৰাইজে ৷

প্লাজমাদাতাৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ ওমপ্ৰকাশ প্ৰমিলা দেৱী মেমোৰিয়েল ট্ৰাষ্টৰ

লগতে পঢ়ক: শ্বহীদক শ্ৰদ্ধাঞ্জলি জ্ঞাপন সীমান্ত সুৰক্ষা বাহিনীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.