ETV Bharat / state

অসম লোকসেৱা আয়োগ আৰু আনুসংগিক পৰিক্ষাৰ পৰা বঞ্চিত মণিপুৰী ভাষা! - MYFA

2020চনৰ ৫ আগষ্ট তাৰিখে অসম লোকসেৱা আয়োগৰ অন্তৰ্গত পৰীক্ষাৰ ক্ষেত্ৰত জাৰি কৰা নতুন নিৰ্দেশনাৰ বিৰোধীতা 'MANIPURI YOUTHS' FRONT OF ASSAM' নামৰ সংগঠনটোৰ ৷ এই নীতি-নিৰ্দেশনা মৰ্মে অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ মাধ্যম হ'ব অসমীয়া,বঙালী আৰু বড়ো ৷ মণিপুৰ ভাষাক সন্নিৱিষ্ট নকৰাত সংগঠনটো সংবাদমেলৰ জৰিয়তে ক্ষোভিত হৈ পৰে ৷

author img

By

Published : Aug 6, 2020, 3:04 PM IST

হোজাই,6আগষ্ট: ৰাজ্য চৰকাৰে 2020চনৰ ৫ আগষ্ট তাৰিখে অসম লোকসেৱা আয়োগৰ অন্তৰ্গত পৰীক্ষাৰ ক্ষেত্ৰত এক নীতি-নিৰ্দেশনা জাৰি কৰিছিল । এই নীতি-নিৰ্দেশনা মৰ্মে অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ মাধ্যম হ'ব অসমীয়া, বঙালী আৰু বড়ো । জাৰি কৰা এই নীতি-নিৰ্দেশনাৰ বাবে ক্ষোভিত এতিয়া 'MANIPURI YOUTHS' FRONT OF ASSAM'(MYFA) নামৰ সংগঠনটো ৷ কিয়নো মণিপুৰী ভাষাক সহযোগী ভাষা হিচাপে গণ্য কৰিবলৈ সংগঠনটোৱে চৰকাৰক অনুৰোধ জনোৱাৰ লগতে সংগঠনটোৱে ডেৰ মাহ ধৰি আন্দোলন অব্যাহত ৰাখিছে ৷ ইয়াৰ মাজতে ৫ আগষ্ট তাৰিখে জাৰি কৰে এই নিৰ্দেশনা ৷ যাৰ বাবে সংগঠনটোৰ সদস্যসকলে বৰাক উপত্যকাৰ হাজাৰ-হাজাৰ মণিপুৰী মাধ্যমত অধ্যায়ণত ছাত্ৰ-ছাত্ৰীসকলে অসম লোকসেৱা আয়োগ আৰু আনুসংগিক পৰীক্ষাৰ পৰা বঞ্চিত হৈ আহিছে বুলি উল্লেখ কৰে ৷ বৰাক উপত্যকাৰ MANIPURI LITERARY AND CULTURAL FORUM, ASSAM নামৰ সংগঠনটোৰ সম্পাদক শ্ৰীযুত কুঞ্জমোহন সিংহই হোজাইৰ লংকাত আজি এখন সংবাদমেল সম্বোধন কৰি এই কথা উল্লেখ কৰে ৷

HOJAI MANIPURI LITERARY AND CULTURAL FORUM,ASSAM PROTEST TO APSC COMPERTITIVE EXAMINATION RULES
অসম লোকসেৱা আয়োগ আৰু আনুসংগিক পৰিক্ষাৰ পৰা বঞ্চিত মণিপুৰী ভাষা!

অন্য এক খবৰৰ বাবে: মহানগৰীত কৰ'ণাত আক্ৰান্ত তিনি বন বিষয়া

বৰাক উপত্যকাৰ মনিপুৰী শিক্ষাৰ্থীসকলৰ ভৱিষ্যৎ শিক্ষা জীৱনৰ প্ৰতি লক্ষ্য ৰাখি বৰাক উপত্যকাৰ MYFA নামৰ সংগঠনটোৰ উক্ত দাবী আৰু কাৰ্যকলাপক সহযোগ আৰু সন্মতি প্ৰদান কৰে ব্ৰহ্মপুত্ৰ উপত্যকাৰ মনিপুৰী সংগঠন 'MANIPURI LITERARY AND CULTURAL RORUM,ASSAM'য়ে । ব্ৰহ্মপুত্ৰ উপত্যকাৰ MANIPURI LITERARY AND CULTURAL FORUM,ASSAM নামৰ সংগঠনটোৱে হোজাই জিলাৰ উপায়ুক্ত, অতিৰিক্ত উপায়ুক্তৰ জৰিয়তে আজি এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী,ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীলৈ এখন পত্ৰ প্ৰেৰণ কৰে ।

উল্লেখ্য যে, মণিপুৰী ভাষা বৰাক উপত্যকাৰ প্ৰাথমিক বিদ্যালয়ত ১৯৫৬ চনত ,মধ্য ইংৰাজী বিদ্যালয়ত ১৯৬৩ চনত,হাইস্কুলত ১৯৭৯চনত আৰম্ভ হৈছিল । ইয়াৰ পিছত পৰ্য্যায়ক্ৰমে বৰ্তমান শিলচৰৰ অসম বিশ্ববিদ্যালয়ত মনিপুৰী ভাষাৰ পাঠক্ৰমে স্নাতকোত্তৰলৈকে বিস্তাৰিত হৈছে । বৰাক উপত্যকাৰ MANIPURI LITERARY AND CULTURAL FORUM,ASSAM নামৰ সংগঠনটোৰ সম্পাদক শ্ৰীযুত কুঞ্জমোহন সিংহই হোজাইৰ লংকাত এক সংবাদমেলৰ জৰিয়তে সামগ্ৰীক কথা অৱগত কৰাই ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.