হোজাই, 22 ছেপ্তেম্বৰঃ হোজাইত ন্যায় বিচাৰি এজন লোকৰ ব্যতিক্ৰমী প্ৰতিবাদ ৷ মহাত্মা গান্ধীৰ ফটো বেদীত স্থাপন কৰি ডিঙিলৈকে পানীত নামি অনশন কাৰ্যসূচী ৰূপায়ন কৰিছে লোকজনে ৷ হোজাইৰ কপাহবাৰীৰ মিনাজউদ্দিনে ডবকাৰ তদানীন্তন চক্ৰ বিষয়া তথা বৰ্তমান হোজাইৰ অতিৰিক্ত উপায়ুক্ত ইলিয়াছ আহমেদ, মোৰাঝাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কবিৰ সিং লিম্বু আৰু একাংশ ভূ-মাফিয়াৰ বিৰুদ্ধে ভুৱা মাটি নামজাৰিৰ অভিযোগ উত্থাপন কৰি গ্ৰহণ কৰিছে এই অনশন কাৰ্যসূচী ৷
মিনাজউদ্দিনৰ পিতৃৰ দিনৰে প্ৰায় 60 বিঘা মাটি হোজাইৰ অতিৰিক্ত উপায়ুক্ত ইলিয়াছ আলীকে ধৰি আৰক্ষী বিষয়া কবিৰ সিং লিম্বু আৰু কে'বাজনো ভূ-মাফিয়াই ভুৱাকৈ নামজাৰি কৰা বুলি অভিযোগ উত্থাপন কৰিছে ৷ এই সন্দৰ্ভত তেখেত আৰক্ষী বিষয়া কবিৰ সিং লিম্বুৰ কাষ চাপিছিল যদিও আৰক্ষী বিষয়া গৰাকীয়ে তেখেতক দুৰ্ব্যৱহাৰ কৰাৰো অভিযোগ উত্থাপন কৰিছে ৷ সেয়েহে তেখেতৰ ওপৰত হোৱা এই অন্যায়ৰ প্ৰতিবাদত অহা 25 ছেপ্তেম্বৰলৈকে 5 দিনীয়া এই ব্যতিক্ৰমী অনশন কাৰ্যসূচী ৰূপায়ন কৰিছে ভুক্তভোগী লোকজনে ৷
লগতে পঢ়ক-বিশ্ব গঁড় দিৱস ২০২০