হোজাই, 19 জুন: হোজাইৰ লংকাত শুকুৰবাৰে বিভিন্ন সংবাদ মাধ্যমত কৰ্মৰত সাংবাদিকসকলক ক'ভিড 19ৰ পৰীক্ষাৰ বাবে প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত স্বাৱ নমুনা সংগ্ৰহ কৰা হয় । ৰাজ্য চৰকাৰে ক'ভিড 19ৰ গণ সংক্ৰমণ ৰোধৰ উদ্দেশ্যে আচাম টাৰ্গেটেড ছাৰ্ভিলিয়েঞ্চ প্ৰ'গ্ৰাম শীৰ্ষক এক কাৰ্যসূচীৰ আৰম্ভ কৰিছে ৷ এই কাৰ্যসূচীৰ অধীনত দেশৰ সংকটৰ সময়তো নিজৰ কৰ্তব্যত নিয়োজিত চৰকাৰী কৰ্মচাৰী,আৰক্ষী,ৰেল ষ্টেচনৰ কৰ্মী,ধাৱাৰ কৰ্মচাৰী সকলোৰে ক'ভিড ১৯ পৰীক্ষাৰ বাবে স্বাৱ সংগ্ৰহ কৰা হৈছে ৷
আচাম টাৰ্গেটেড ছাৰ্ভিলিয়েঞ্চ প্ৰ'গ্ৰাম কাৰ্যসূচীৰ অধীনত 17 জুনৰ পৰা হোজাই জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সকলো বিষয়া কৰ্মচাৰীৰ পৰা সংগ্ৰহ কৰা হয় স্বাৱ ৷ এই কাৰ্যসূচীৰ অধীনতে উপায়ুক্ত কাৰ্যালয়ৰ সকলো বিষয়া কৰ্মচাৰীৰ পাছতেই শুকুৰবাৰে লংকা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ স্বাস্থ্য বিষয়া ৰঞ্জু ৰাজখোৱাৰ নেতৃত্বত এটা দলে লংকা বিভিন্ন মাধ্যমত কৰ্মৰত সাংবাদিকসকলক স্বাৱ নমুনা সংগ্ৰহ কৰে ৷
লগতে পঢ়ক: গৰ্গ চেটাৰ্জীক গ্ৰেপ্তাৰৰ নিৰ্দেশ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ