হোজাই , 28 অক্টোবৰঃ হোজাইৰ ডবকাত বানৰ কবলত 15 খনৰো অধিক গাঁৱৰ লগতে বহু হেক্টৰ কৃষিভূমি ৷ দেওবাৰে নিশা কপিলী আৰু ইয়াৰ উপনৈ ক্ৰমে, যমুনা আৰু ডিমৰু নৈৰ বাঢ়নী পানীয়ে ডবকা আৰু হোজাই ৰাজহ চক্ৰৰ ১৫ খনকৈ গাঁৱত তাণ্ডৱ চলোৱাৰ পাছত লোকসকলৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ ৷ ডবকা ৰাজহ চক্ৰৰ অন্তৰ্গত চাৰ্লক, জংগলব্লক, বিন্নাকান্দি বালিৰাম গাওঁ, নগঞাপাম, বগুৰী,আদি গাঁওসমুহ বানৰ কবলত পৰিছে ৷ আনহাতে হোজাই ৰাজহ চক্ৰৰ অন্তৰ্গত ভেদৌআটি , যোগীজান , দাসগাঁও , নামডবকা , শলমাৰী আদি গাওঁ ডুব গৈছে বানত ৷ হোজাই আৰু ডবকাৰ কেইবা হাজাৰ হেক্টৰ কৃষিভূমি ইতিমধ্যে আবতৰীয়া বানত ডুব যোৱাত কৃষকসকলৰ অৱস্থা অধিক শোচনীয় হৈ পৰিছে ৷ বানত ডুব যোৱা গাঁৱৰ লোকসকলে ৰাজপথত আশ্ৰয় লবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে যদিও প্ৰশাসনৰ বিৰুদ্ধে উত্থাপন হৈছে দায়িত্বহীনতাৰ অভিযোগ ৷
লগতে পঢ়কঃ ৰাষ্ট্ৰীয় শিশু বিজ্ঞান কংগ্ৰেছলৈ ঢেকীয়াজুলিৰ হিৰন্য ৰাজ