ETV Bharat / state

চপৰা চপৰকৈ খহিছে এটা ৰাষ্ট্ৰীয় ঘাইপথ - HOJAI FOUR LANE ROAD LANDSLIDE NEWS

যিকোনো মূহুৰ্তত সংঘটিত হ'ব পাৰে ভয়ংকৰ দুৰ্ঘটনা ৷ বৰাক আৰু ব্ৰহ্মপুত্ৰৰ মাজত সংযোগ বিচ্ছিন্ন হোৱাৰ আশংকা ৷ ধাৰাষাৰ বৰষুণৰ ফলত ক্ৰমান্বয়ে খহিবলৈ লৈছে পথটো ৷

চপৰা চপৰকৈ খহিছে এটা ৰাষ্ট্ৰীয় ঘাইপথ
author img

By

Published : Sep 25, 2019, 5:22 PM IST

হোজাই, 25 ছেপ্টেম্বৰঃ চপৰা চপৰকৈ খহিছে এটা ফৰলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ | কাণষাৰ নাই প্ৰশাসনৰ ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত ভয়ংকৰ ফাট ৷ এইটো লামডিং বনাঞ্চলৰ মাজেৰে ম্যানমাৰ লৈ যোৱা চাৰিলেন যুক্ত ৰাষ্ট্ৰীয় ঘাই পথ ৷ বুধবাৰে ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হ'ল ৰাষ্ট্ৰীয় ঘাইপথটোত ৷ চপৰা চপৰকৈ খহিল পথটোৰ বহু অংশ ৷

LANDSLIDE IN FOUR LANE HOJAI
ৰাজপথত খহনীয়া

প্ৰায় দুশ ফুট পৰ্যন্ত তললৈ খহি যায় ৰাষ্ট্ৰীয় ঘাই পথটো। হোজাই জিলা লামডিং বনাঞ্চলৰ মাজত এনেদৰে সম্পূৰ্ণৰূপে পথছোৱা খহি যোৱাত এতিয়া মৰণফান্দলৈ ৰূপান্তৰিত হৈছে চাৰিলেন যুক্ত ৰাষ্ট্ৰীয় ঘাই পথছোৱা। যি কোনো মুহূৰ্তত দুৰ্ঘটনা সংঘটিত হ'ব পাৰে পথচোৱাত । বৰাকৰ প্ৰতিখন জিলাৰ পৰা গুৱাহাটীলৈ অহা এই পথটো এতিয়া যি কোনো মুহূৰ্ততে বন্ধ হৈ পৰাৰ উপক্ৰম হৈছে । বিগত দুদিন ধৰি হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত তললৈ খহি পৰিছে ৰাষ্ট্ৰীয় ঘাইপথ চোৱা।

বৰাক আৰু ব্ৰহ্মপুত্ৰৰ মাজত সংযোগ বিচ্ছিন্ন হোৱাৰ আশংকা

ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে যদি তৎকালীন ভাৱে পথ চোৱা মেৰামতি নকৰে তেনেহ'ল ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা আছে ৷ ইফালে প্ৰশাসনে পথৰ মাজত দুই এটা প্ৰকাণ্ড শিল আৰু তেলৰ ড্ৰাম ৰাখিয়েই দায়িত্ব সামৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ ইফালে বৰাক আৰু ব্ৰহ্মপুত্ৰৰ মাজত যোগাযোগৰ অন্যতম পথ হিচাপে বিবেচিত পথটোত যদি ভূমিস্খলন অব্যাহত থাকে তেনেহ'লে পথছোৱা সম্পূৰ্ণৰূপে খহি যোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে স্থানীয় লোকসকলে ৷

Intro:চপৰা চপৰকৈ খহিছে ৰাষ্ট্ৰীয় ঘাই পথ | Body:চপৰা চপৰকৈ খহিছে ৰাষ্ট্ৰীয় ঘাই পথ | কাণষাৰ নাই প্ৰশাসনৰ |

ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত ভয়ংকৰ ফাট ৷ কানষাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ ৷
লামডিং বনাঞ্চলৰ মাজেৰে ম্যানমাৰ লৈ যোৱা চাৰিলেন যুক্ত ৰাষ্ট্ৰীয় ঘাই পথত ভয়ংকৰ ভূমিস্খলন। চপৰা চপৰিকৈ খহিছে পথ । দুশ ফুট পৰ্য্যন্ত তললৈ খহি পৰিছে ৰাষ্ট্ৰীয় ঘাই পথ । হোজাই জিলা লামডিং বনাঞ্চলৰ মাজত এনেদৰে সম্পূৰ্ণৰূপে পথছোৱা খহি যোৱাত এতিয়া মৰণফান্দলৈ ৰূপান্তৰিত হৈছে চাৰিলেন যুক্ত ৰাষ্ট্ৰীয় ঘাই পথছোৱা। যি কোনো মুহূৰ্তত দুৰ্ঘটনাত পতিত হব পাৰে পথচোৱাত। বৰাকৰ প্ৰতিখন জিলাৰ পৰা গুৱাহাটীলৈ অহা এই পথ এতিয়া যি কোনো মুহূৰ্ততে বন্ধ হৈ পৰাৰ উপক্ৰম হৈছে। দুদিন ধৰি হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত তললৈ খহি পৰিছে ৰাষ্ট্ৰীয় ঘাইপথ চোৱা। ৰাষ্ট্ৰীয় ঘাই পথ প্ৰাদেশীকৰনে তৎকালীন ভাবে পথ চোৱা মেৰামতি নকৰিলে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হব পাৰে। চাৰি লেন যুক্ত ৰাষ্ট্ৰীয় ঘাই পথৰ দুৰৱস্থাৰ খবৰ লবলৈ জিলা প্ৰশাসনৰ কোনো আজৰি নাই। দুই এটা প্ৰকাণ্ড শিল আৰু তেলৰ ড্ৰাম ৰাখি দায়িত্ব সামৰিছে জিলা প্ৰশাসনে।নাই কোনো সংকেত চিহ্নও ফলত সমস্যাত পৰিছে পথচাৰী।

BYTE : PUBLIC /
CIRCLE OFFICER

Conclusion:হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.