ETV Bharat / state

হোজাইৰ ভালুকমাৰীত আৱকাৰী বিভাগৰ অভিযানত জব্দ লক্ষাধিক টকাৰ সুৰা

author img

By

Published : Sep 3, 2022, 7:12 AM IST

Updated : Sep 3, 2022, 1:56 PM IST

হোজাই জিলাৰ ভালুকমাৰীত আৱকাৰী বিভাগৰ অভিযান(Hojai Excise department raid in Bhalukmari) ৷ শুক্ৰবাৰৰ নিশা আৱকাৰী বিভাগে চলাইছিল এই অভিযান ৷ অভিযান কালত জব্দ প্ৰায় ডেৰ লক্ষাধিক টকাৰ সুৰা ৷

Hojai Excise department raid in Bhalukmari
হোজাইৰ ভালুকমাৰীত আৱকাৰী বিভাগৰ অভিযানত জব্দ লক্ষাধিক টকাৰ সুৰা

হোজাই,3 ছেপ্টেম্বৰ: গোপন সূত্ৰৰ ভিত্তিত শুক্ৰবাৰৰ নিশা হোজাই জিলাৰ আৱকাৰী বিভাগে ভালুকমাৰীত অভিযান চলায় জব্দ কৰে কেইবাটাও সুৰাভৰ্ত্তি কাৰ্টন (Hojai Excise department raid in Bhalukmari)৷ ভালুকমাৰীৰ তিনিটাকৈ স্থানত আৱকাৰী বিভাগে চলায় অভিযান ৷

অভিযানকালত জব্দ প্ৰায় ৩০ টা বিলাতী সুৰাৰ কাৰ্টন(Liquer seized at Hojai)৷ জব্দকৃত বিলাতী সুৰাখিনিৰ বজাৰ মূল্য এক-ডেৰ লক্ষাধিক টকা হ’ব বুলি জানিবলৈ দিয়ে হোজাই আৱকাৰী বিভাগৰ বিষয়াগৰাকীয়ে ৷

হোজাইৰ ভালুকমাৰীত আৱকাৰী বিভাগৰ অভিযান

আৱকাৰী বিভাগে অভিযান চলোৱা সময়ছোৱাত একাংশ লোকে আৰক্ষীৰ অভিযানত ক্ষোভিত হয় আৰু বাধা প্ৰদানৰ চেষ্টা কৰে যদিও আৱকাৰী বিভাগৰ অভিযান অব্যাহত থাকে ৷ ইয়াৰ পিছতে পৰিস্থিতি কিছু উত্তপ্ত হৈ পৰা পৰিলক্ষিত হয় ৷ ভালুকমাৰী অঞ্চলটোত দীৰ্ঘদিন ধৰি অবৈধভাৱে সুৰাৰ ব্যৱসায় চলাই অহাৰ অভিযোগ স্থানীয় একাংশ সচেতন ৰাইজৰ ৷

আৰক্ষী অহাৰ উমান পায় স্থান ত্যাগ কৰাৰ ফলত অভিযান কালত কোনো লোকক আটক কৰিবলৈ সক্ষম নহ'ল আবকাৰী বিভাগৰ দলটোৱে ৷

লগতে পঢ়ক: Paddy crop damaged due to Flood: জনীয়াত বানে তচ-নচ কৰিলে কৃষকৰ সপোন

Last Updated : Sep 3, 2022, 1:56 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.