ETV Bharat / state

হোজাই জিলা আইনসেৱা প্ৰাধিকৰণৰ উদ্যোগত চাৰিটাকৈ প্ৰকল্প উন্মোচন - হোজাই জিলা আইনসেৱা প্ৰাধিকৰণ

শুকুৰবাৰে হোজাই জিলা আইনসেৱা প্ৰধিকৰণৰ শংকৰদেৱ নগৰস্থিত কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি চাৰিটাকৈ নতুন প্ৰকল্প উন্মোচন কৰাৰ কথা অনুষ্ঠানিকভাৱে ঘোষণা কৰা হয় ৷ উক্ত প্ৰকল্পকেইটা হ’ল-অনন্যা,ডেউকা,আদৰ আৰু জোনাক ৷

Hojai District Legal Service announces four new projects
হোজাই জিলা আইনসেৱা প্ৰাধিকৰণৰ উদ্যোগত চাৰিটাকৈ প্ৰকল্প উন্মোচন
author img

By

Published : Sep 18, 2020, 9:15 PM IST

হোজাই, 18 ছেপ্তেম্বৰঃ হোজাই জিলা আইনসেৱা প্ৰাধিকৰণৰ উদ্যোগত অসহায় লোকসকলৰ বাবে চাৰিটাকৈ পৃথক পৃথক প্ৰকল্প উন্মোচন কৰা হয় ৷ শুকুৰবাৰে জিলাখনৰ আইনসেৱা প্ৰধিকৰণৰ শংকৰদেৱ নগৰস্থিত কাৰ্যালয়ত এক সংবাদমেল অনুষ্ঠিত কৰি এই কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে অধ্যক্ষা প্ৰণিতা মৰাঙে ৷ প্ৰাধিকৰণৰ উদ্যোগত উন্মোচন কৰা প্ৰকল্প কেইটা ক্ৰমে-অনন্যা,ডেউকা,আদৰ আৰু জোনাক ৷

হোজাই জিলা আইনসেৱা প্ৰাধিকৰণৰ উদ্যোগত চাৰিটাকৈ প্ৰকল্প উন্মোচন

উল্লেখ্য যে,অনন্যা প্ৰকল্পৰ যোগেদি নাৰী সৱলীকৰণৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হ’ব ৷ ইয়াৰ উপৰিও ডেউকাৰ জৰিয়তে বাল্য বিবাহ আৰু শিশু শ্ৰমৰ পৰা শিশুসকলক সুৰক্ষিত কৰা,আদৰৰ জৰিয়তে প্ৰতিগৰাকী বয়োজ্যেষ্ঠ নাগৰিকৰ সন্মান আৰু সুৰক্ষা সুনিশ্চিত কৰাৰ লগতে জোনাক প্ৰকল্পৰ জৰিয়তে এচিড আক্ৰমণৰ বলি হোৱা মহিলাসকলৰ মনত আত্মবিশ্বাস গঢ়ি তোলাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা হ’ব ৷

লগতে পঢ়ক-দৰঙত প্ৰৱঞ্চক আটক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.