ETV Bharat / state

ডবকাত জুৱা,তীৰ খেলৰ ৰমৰমীয়া বেহা;নিৰ্লিপ্ত ভূমিকাত আৰক্ষী প্ৰশাসন - জুৱা আৰু তীৰ খেলৰ ৰম্যভূমি

ভয়ংকৰ জুৱা আৰু তীৰৰ কবলত হোজাই জিলাৰ ডবকা চহৰ ৷ চকু মুদা কুলিৰ ভাৱত জিলা প্ৰশাসন ৷

ডবকাত জুৱা আৰু তীৰ খেলৰ ৰমৰমীয়া বেহা
author img

By

Published : Aug 23, 2019, 1:30 PM IST

হোজাই, 23 আগষ্ট: দিনক দিনে ডবকাত বৃদ্ধি পাইছে জুৱা আৰু তীৰ খেলৰ প্ৰকোপ ৷ জুৱা আৰু তীৰ খেলৰ এতিয়া ৰম্যভূমিত পৰিণত হৈছে ডবকা চহৰ ৷ দিন দুপৰতেই ৰাজহুৱা স্থানত নিৰ্ভয়ে চলি থাকে জুৱা-লটাৰীৰ ৰমৰমীয়া বেহা ৷ ইটিভি ভাৰতৰ গোপন অভিযানত ফাদিল হৈছে এই তথ্য ৷

ডবকাত জুৱা আৰু তীৰ খেলৰ ৰমৰমীয়া বেহা

ৰাইজৰ অভিযোগ অনুসৰি ডবকা আৰক্ষীক মেনেজ কৰি এক অসাধু চক্ৰই বহু দিনৰ পৰা চলাই আহিছে জুৱাৰ এই ৰমৰমীয়া বেহা যাৰ ফলতেই এতিয়া বৃহত্তৰ অঞ্চলটোত বৃদ্ধি পাইছে চুৰি, ডকাইতি, অপহৰণ, নাৰী নিৰ্যাতনৰ দৰে ঘটনাকে ধৰি বিভিন্ন ধৰণৰ জঘন্য অসমাজিক কাৰ্য ৷ লগতে এই বৃহৎ তীৰ আৰু জুৱা চক্ৰই নৱপ্ৰজন্মৰ জীৱনৰ প্ৰতিও কঢ়িয়াই আনিছে চৰম ভাবুকি ৷

ইমানৰ পাছতো ডবকা আৰক্ষীয়ে কি কাৰণত সকলো দেখিও নেদেখাৰ ভাও জুৰিছে তাক লৈ এতিয়া সচেতন মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ বৃহত্তৰ ডবকাবাসী ৰাইজ তথা স্থানীয় মহিলা সকলৰ এতিয়া প্ৰশাসনৰ প্ৰতি এটাই অনুৰোধ, অতি শীঘ্ৰে বন্ধ কৰক জুৱা আৰু তীৰ খেলৰ এই অবৈধ বেহা ৷

Intro:হোজাই জিলাৰ ডৱকাত জুৱা আৰু শেষ নম্বৰ লটাৰীৰ ৰমৰমীয়া বেহা | Body:হোজাই জিলাৰ ডৱকাত জুৱা আৰু শেষ নম্বৰ লটাৰীৰ ৰমৰমীয়া বেহা | চকু মুদা কুলিৰ বেশত প্ৰশাসন |

জুৱা আৰু শেষ নম্বৰৰ লটাৰীৰ ৰম্য ভূমিত পৰিণত হৈছে হোজাই জিলাৰ ডবকা চহৰ | দিন দুপৰতেই ৰাজহুৱা স্হানত চলে এই জুৱাৰ আড্ডা | চকু মুদা কুলিৰ বেশত প্ৰশাসন | প্ৰথমে আমাৰ গোপন কেমেৰাত বন্দী হোৱা এই দৃশ্য লৈ মন কৰক | পুৱাৰ পৰা নিশা এপৰলৈ দোকানৰ পিছফালে নাইৱা গোপন বন্ধ কোঠাত সকলো ব্যস্ত এই জুৱা খেলত | কোনোৱাই শ্ৰম কৰি উপাৰ্জন কৰাৰ টকা কেইটা যদি জুৱাত লগাইছে ,কোনোৱাই আকৌ ঘৰৰ পৰা আনি জুৱাত লগাইছে নিজৰ ধন | লাখ লাখ টকা এই জুৱা খেলত লগাই কিমান জন যে সৰ্বচান্ত হৈছে তাৰ লেখ নাই |আনহাতে ৰাইজৰ অভিযোগ যে ডবকা আৰক্ষীক মেনেজ কৰি একাংশ আৰক্ষীৰ আশীৰ্বাদত অসাধু চক্ৰই বহু দিনৰ পৰা চলাই আহিছে জুৱাৰ এই বৃহত ৰমৰমীয়া বেহা ৷ অন্যহাতে আকৌ এই জুৱাৰ বাবেই অঞ্চলটোত দিনক দিনে বৃদ্ধি পাইছে চুৰি, ডকাইতি, অপহৰণ, নাৰী নিৰ্যাতনৰ দৰে জঘন্য অপৰাধজনীত ঘটনা ৷ এই বৃহৎ তিৰ আৰু জুৱাৰ বাবেই নৱপ্ৰজন্মৰ জীৱনৰ প্ৰতি কঢিয়াই আনিছে এক চৰম ভাবুকি | ইয়াৰ পিছতো কিয় ডবকা আৰক্ষীয়ে দেখিও নেদেখাৰ ভাও ধৰিছে সেইয়া সচেতন মহলত এক চৰ্চাৰ বিষয় হৈ পৰিছে !! স্হানীয় ৰাইজ তথা মহিলাৰ প্ৰশাসনৰ প্ৰতি অনুৰোধ অতি সোনকালে যাতে এই জুৱা তথা শেষ নম্বৰ লটাৰী(তিৰ)খেল বন্ধ কৰক আৰক্ষী প্ৰশাসনে |

BYTE: স্হানীয় মহিলা।

Conclusion:হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.