হোজাই, 15 জুুন : উদালীৰ চিকিৎসক নিগ্ৰহ কাণ্ডৰ লগত জড়িত ইজনৰ পিছত সিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষী । শেহতীয়াকৈ চিকিৎসকক আক্ৰমণৰ লগত জড়িত আন এজন অভিযুক্ত মকবুল আহমেদে খটখটি থানাত আত্মসমৰ্পণ কৰিছে ৷ আনহাতে হোজাই থানাত আত্মসমৰ্পণ অন্যতম অভিযুক্ত জাচিম উদ্দিন বৰভূঞাই ৷
বৰ্তমান দুই অভিযুক্ত মকবুল আৰু জাচিম উদ্দিন বৰভূঞাক ৰখা হৈছে লংকা আৰক্ষী থানাত । এই পৰ্যন্ত উদালীৰ চিকিৎসক নিগ্ৰহৰ ঘটনাৰ লগত জড়িত ৩৪ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷
উল্লেখ্য যে, 1 জুনত হোজাইৰ ফুলতলিৰ ক'ভিড কেয়াৰ কেন্দ্ৰ লণ্ড-ভণ্ড কৰাৰ লগতে কৰ্তব্যৰত চিকিৎসকক প্ৰহাৰ কৰিছিল একাংশ লোকে ৷ এই ঘটনাই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল । ঘটনাত জড়িত দোষীক উচিত শাস্তিৰ দাবীত বিভিন্ন স্থানত চিকিৎসক-চিকিৎসাকৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰিছিল ।
লগতে পঢ়ক: চিকিৎসক নিগ্ৰহ: চৰকাৰৰ পৰা প্ৰতিবেদন বিচাৰিলে মানৱ অধিকাৰ আয়োগে