ETV Bharat / state

লংকাৰ চিকিৎসক নিগ্ৰহৰ ঘটনাৰে জড়িত আন দুজনক গ্ৰেপ্তাৰ

author img

By

Published : Jun 5, 2021, 4:45 PM IST

বৃহস্পতিবাৰলৈকে লংকাৰ চিকিৎসক নিগ্ৰহৰ ঘটনাৰে জড়িত আৰক্ষীয়ে 26 জনক গ্ৰেপ্তাৰ কৰাৰ পাছত শুকুৰবাৰে নিশা আৰক্ষীয়ে অভিযান চলাই এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ লগতে শনিবাৰে পুৱা চিকিৎসক নিগ্ৰহৰ উক্ত ঘটনাৰে জড়িত থকাৰ অভিযোগত এগৰাকী মহিলাকো আটক কৰিছে ৷ এই পৰ্যন্ত উক্ত ঘটনাৰে জড়িত 28 জন লোকক আটক কৰিছে আৰক্ষীয়ে ৷

hojai-assault-case-two-more-arrested
লংকাৰ চিকিৎসক নিগ্ৰহৰ ঘটনাৰে জড়িত আন দুজনক গ্ৰেপ্তাৰ

হোজাই, 5 জুন : হোজাই জিলাৰ উদালীৰ ক’ভিড কেয়াৰ কেন্দ্ৰত কৰ্মৰত চিকিৎসকক আক্ৰমণ কৰা ঘটনাক কেন্দ্ৰ কৰি দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ শেহতীয়াকৈ এই ঘটনাৰ বিৰুদ্ধে তৎপৰ হৈ পৰিছে অসম আৰক্ষী ৷ শনিবাৰ পৰ্যন্ত অসম আৰক্ষীয়ে ঘটনাৰে জড়িত 28 জন অভিযুক্তক আটক কৰিবলৈ সক্ষম হৈছে ৷

বৃহস্পতিবাৰলৈকে আৰক্ষীয়ে 26 জনক গ্ৰেপ্তাৰ কৰাৰ পাছত শুকুৰবাৰে নিশা আৰক্ষীয়ে অভিযান চলাই এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ লগতে শনিবাৰে পুৱা চিকিৎসক নিগ্ৰহৰ উক্ত ঘটনাৰে জড়িত থকাৰ অভিযোগত এগৰাকী মহিলাকো আটক কৰিছে ৷ শেহতীয়াভাৱে আটকাধীন দুজন ক্ৰমে, মুক্তাৰ আলী আৰু মৃত গেয়াস উদ্দীনৰ পত্নী গুল নেহাৰ ।

আটকাধীন মুক্তাৰ আলীৰ ঘৰ লংকাৰ বৰদলৈ পথাৰত ৷ আনহাতে গুল নেহাৰক লস্কৰপথাৰৰ পৰা গ্ৰেপ্তাৰ কৰিছে লংকা আৰক্ষীয়ে । আটক কৰা দুজনক ইতিমধ্যে হোজাইৰ শংকৰদেৱ নগৰস্থিত আদালতত হাজিৰ কৰোৱা হৈছে ।

উল্লেখ্য যে, বিগত 1 মে’ত গিয়াছ উদ্দিন নামৰ এগৰাকী ক’ভিড আক্ৰান্ত ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি লংকাৰ উদালী ক’ভিড কেয়াৰ কেন্দ্ৰত চিকিৎসকৰ ওপৰত জঁপিয়াই পৰিছিল মৃত গিয়াছ উদ্দিনৰ আত্মীয় । যাৰ পাছতে গুৰুতৰ ভাৱে আহত হৈছিল কৰ্তব্যৰত চিকিৎসক ডাঃ সেউজ কুমাৰ সেনাপতি ৷ এই ঘটনাৰ পাছতে সমগ্ৰ দেশজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷

লগতে পঢ়ক: কোন হ’ব ৰাজ্যিক বিজেপিৰ পৰৱৰ্তী সভাপতি ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.