ETV Bharat / state

হোজাইত পথ দুৰ্ঘটনা - হোজাইৰ হাম হাস্পাতাল

সোমবাৰে হোজাই জিলাৰ জুৰাপুখুৰীত সংঘটিত হয় এক পথ দুৰ্ঘটনা ৷ টাটা ম’বাইল আৰু ট্ৰাকৰ মাজত সংঘৰ্ষ হৈ সংঘটিত হয় দুৰ্ঘটনাটো ৷ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় টাটা ম’বাইল বাহনখনৰ চালক আৰু হেণ্ডিমেন ৷ দুয়োজনকে প্ৰেৰণ কৰা হৈছে চিকিৎসালয়লৈ ৷

হোজাইত পথ দুৰ্ঘটনা
হোজাইত পথ দুৰ্ঘটনা
author img

By

Published : Mar 22, 2021, 4:13 PM IST

হোজাই,22 মাৰ্চ: হোজাই জিলাৰ জুৰাপুখুৰী অঞ্চলত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত । এখন টাটা ম’বাইল বাহনে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মাৰিলে ৰৈ থকা এখন ট্ৰাকত । দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় দুজন ৷

হোজাইত পথ দুৰ্ঘটনা

ঘটনাৰ বিৱৰণী অনুসৰি, দুৰ্ঘটনাগ্ৰস্ত টাটা ম’বাইল বাহনখনে ট্ৰাকখনত খুন্দা মাৰি পথৰ পৰা চিটিকি ৰাস্তাৰ কাষতে থকা এটা বাসগৃহৰ ভিতৰত সোমাই যায় ৷ যাৰ ফলত কথমপি প্ৰাণ ৰক্ষা পৰে এটা পৰিয়ালৰ । দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখনৰ নম্বৰ AS-01 LC-3171 আৰু টাটা ম’বাইলৰ নম্বৰ AS-25 AC-7438 ৷

হোজাইত পথ দুৰ্ঘটনা
হোজাইত পথ দুৰ্ঘটনা

ইফালে, দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় টাটা ম’বাইল বাহনখনৰ চালক আৰু হেণ্ডিমেনগৰাকী ৷ দুয়োজনৰে অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ৷ দুয়োজনকে হোজাইৰ হাম হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে । বৰ্তমানলৈকে দুয়োজনৰ পৰিচয় জানিব পৰা হোৱা নাই যদিও শংকৰদেব নগৰ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে ৷

অন্য এক খবৰৰ বাবে: মন্ত্রী হিমন্ত বিশ্বক কমলাক্ষ দে পুৰকায়স্থৰ এয়া কিহৰ চেলেঞ্জ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.