হোজাই, 4 অক্টোবৰঃ আধাৰ কাৰ্ড নিৰ্মাণৰ নামত লংকাত অবৈধ ভাৱে ধন সংগ্ৰহ ৷ এখন আধাৰ কাৰ্ডৰ বিনিময়ত আবেদনকাৰীয়ে দিব লগে 800 টকা ৷ লংকাৰ লস্কৰপথাৰ হাইস্কুলত থকা আধাৰ কেন্দ্ৰত সংঘটিত হৈছে এই ঘটনা ৷
আনহাতে, আধাৰ কাৰ্ড নিৰ্মাণ কৰিবলৈ যোৱা স্থানীয় যুৱককো প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে কেন্দ্ৰটোৰ কৰ্মচাৰীৰ বিৰুদ্ধে ৷ ঘটনা সংক্ৰান্তত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী যুৱকজনে ৷