ETV Bharat / state

কৰ'ণা ভাইৰাছক লৈ তৎপৰ হোজাই জিলা প্ৰশাসন - কৰ'ণা ভাইৰাছ সংক্ৰমণক লৈ তৎপৰ জিলা প্ৰশাসন

কৰ'ণা ভাইৰাছ সংক্ৰমণক লৈ তৎপৰ হৈ পৰিছে হোজাইৰ জিলা প্ৰশাসন ৷ উপায়ুক্ত কাৰ্যলয়ৰ প্ৰৱেশ দ্বাৰৰ কাষতে কৰা হৈছে হাত ধোৱাৰ ব্যৱস্থা ৷ ইয়াৰোপৰি জিলাখনত কৰ'ণা আক্ৰান্ত ৰোগী থকা বুলি ওলোৱা বাতৰিক নস্যাৎ কৰে জিলা উপায়ুক্ত গৰাকীয়ে ৷

হোজাই জিলা প্ৰশাসন
হোজাই জিলা প্ৰশাসন
author img

By

Published : Mar 21, 2020, 8:44 PM IST

হোজাই, 21 মাৰ্চঃ হোজাইত কৰ'ণা ভাইৰাছ সংক্ৰমণক লৈ তৎপৰ জিলা প্ৰশাসন ৷ ৰাইজক এই মহামৰীক লৈ শংকিত নহ'বলৈ আহ্বান জনায় হোজাইৰ জিলা উপায়ুক্ত চাদনেক সিঙে ৷ জিলা উপায়ুক্ত কাৰ্যলয়ৰ মূল প্ৰবেশ দ্বাৰত ইতিমধ্যে আঁৰি দিয়া হৈছে এখন বিশেষ ফলক ৷ কৰ'ণা ভাইৰাছ সংক্ৰমণ ৰুধিবলৈ ফলক খনত লিখা আছে হাত ধুই কাৰ্যলয়ত প্ৰৱেশ কৰাৰ নিৰ্দেশ ৷ উপায়ুক্ত কাৰ্যলয়ৰ প্ৰৱেশ দ্বাৰৰ কাষতে কৰা হৈছে হাত ধোৱাৰ ব্যৱস্থা ৷ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ফালৰ পৰা স্থাপন কৰা বেচিনত হাত ধুই জিলা উপায়ুক্তই ইয়াৰ শুভাৰম্ভণি কৰে ৷

কৰ'ণা ভাইৰাছক লৈ তৎপৰ হোজাই জিলা প্ৰশাসন

পৰৱৰ্তী সময়ত কাৰ্যালয়ত অহা লোক সকলেও হাত ধুই প্ৰৱেশ কৰে উপায়ুক্তৰ কাৰ্যলয়ত ৷ আনহাতে হোজাইত কৰ'ণা সংক্ৰমিত ৰোগী থকা বুলি বিয়পি পৰা উৰা বাতৰি সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে উপায়ুক্তই ৷ উপায়ুক্তৰ মতে জিলাখনত কোনো কৰ'ণা আক্ৰান্ত ৰোগী নাই ৷ সেয়েহে এনে উৰা বাতৰিত পতিয়ন নাযাবলৈ তেওঁ ৰাইজক আহ্বান জনায় ৷ ইয়াৰোপৰি জিলাখনত বাহিৰৰ পৰা লোকসকলক আছুতীয়া কক্ষত ৰাখি পৰীক্ষা কৰাৰ কথাও উল্লেখ কৰে উপায়ুক্ত গৰাকীয়ে ৷

লগতে পঢ়কঃ অলপ সাৱধানতাই ৰক্ষা কৰিব পাৰে অনেকজনৰ জীৱনঃ প্ৰধানমন্ত্ৰী মোডী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.