ETV Bharat / state

হোজাইত চিকিৎসক আৰু স্বাস্থ্যকৰ্মীক অপদস্থ

author img

By

Published : Jun 22, 2021, 9:25 PM IST

হোজাইৰ উদালীত চিকিৎসক আক্ৰমণৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰাৰ সময়তেই ডবকাৰ আমবাৰী স্বাস্থ্যকেন্দ্ৰত পুনৰ নিৰ্যাতনৰ বলি হ’ল চিকিৎসক আৰু স্বাস্থ্যকৰ্মী ৷

হোজাইত চিকিৎসক আৰু স্বাস্থ্যকৰ্মী অপদস্ত

হোজাই, 22 জুন : হোজাইৰ ডবকাৰ আমবাৰীত ভেকচিন প্ৰদান কৰিবলৈ অহা চিকিৎসক আৰু স্বাস্থ্যকৰ্মীক মঙলবাৰে একাংশ উদণ্ড যুৱকে ভাবুকি দিয়া অভিযোগ উত্থাপন হৈছে ৷ চিকিৎসকক ভাবুকি দিয়া লোকৰ নামৰ লগত একাংশ ফেচবুক পেজ চলোৱা তথাকথিত সাংবাদিকৰ নামো জড়িত হৈছে ৷ ডবকাৰ আমবাৰী উপ স্বাস্থ্যকেন্দ্ৰত সংঘটিত হৈছে এই ঘটনা ৷

যুৱকৰ দলটোৱে কেন্দ্ৰটোত ভেকচিন ল’বলৈ অহা লোকৰ শাৰীত ঠেলা-হেচা কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ৷ যুৱক কেইজনে শাৰী নাপাতি বলপূৰ্বকভাবে ভেকচিন ল’বলৈ চেষ্টা কৰাত চিকিৎসক আৰু স্বাস্থ্যকৰ্মীসকলে তেওঁলোকৰ বাধা প্ৰদান কৰে ৷ তেতিয়াই যুৱকৰ দলটোত থকা এজন ফেচবুক সাংবাদিকক মাতি আনি চিকিৎসা কৰ্মীসকলক ভাবুকি প্ৰদান কৰাৰ লগতে অশালীনভাৱে গালি গালাজ কৰি কৰ্তব্য পালনত বাধা দিয়ে ৷

উদণ্ড যুৱককেইজনে চিকিৎসকক অশালীন গালি গালাজ কৰি আক্ৰমণ কৰিবলৈ চেষ্টা কৰে যদিও স্থানীয় ৰাইজ, গাঁওবুঢ়া আৰু নিৰাপত্তাৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷

লগতে পঢ়ক : 4 হাজাৰ কোটি টকা লোকচান মাইক্ৰ'ফাইনেন্স কোম্পানীৰ : মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.