ETV Bharat / state

হোজাইত ৫৬ ফূট উচ্চতাৰ হনুমান মূৰ্ত্তিৰ তলত হনুমান জয়ন্তী অনুষ্ঠিত - হোজাইত ৫৬ ফূট উচ্চতাৰ হনুমান মূৰ্ত্তিৰ তলত হনুমান জয়ন্তী অনুষ্ঠিত

শনিবাৰে দেশবাসীয়ে পালন কৰিলে হনুমান জয়ন্তী (Hanuman Jayanti celebrations in India) । দেশৰ ভিন্ন প্ৰান্তৰ লগতে ৰাজ্যৰ ভিন্ন স্থানতো হনুমান জয়ন্তীৰ ব্যাপক আয়োজন । ব্যতিক্ৰম নহয় হোজাই । হোজাইৰ শংকৰদেৱ নগৰস্থিত ৫৬ ফূট উচ্চতাৰ পূৰ্ণাংগ হনুমানৰ মূৰ্ত্তি ভাগৰ তলতো ৰীতি-নীতি অনুসৰি অনুষ্ঠিত কৰা হয় হনুমান জয়ন্তী ।

hanuman jayanti held in hojai
হোজাইত ৫৬ ফূট উচ্চতাৰ হনুমান মূৰ্ত্তিৰ তলত হনুমান জয়ন্তী অনুষ্ঠিত
author img

By

Published : Apr 17, 2022, 9:54 PM IST

হোজাই,১৭ এপ্ৰিল: শনিবাৰে দেশবাসীয়ে পালন কৰিলে হনুমান জয়ন্তী (Hanuman Jayanti celebrations in India) । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মঠ-মন্দিৰৰ সমান্তৰাল ভাবে হোজাইৰ বিভিন্ন মন্দিৰত অনুষ্ঠিত হয় হনুমান জয়ন্তী । তাৰ সমান্তৰাল ভাবে হোজাইৰ শংকৰদেৱ নগৰস্থিত ২০১৫ চনতেই স্থাপন হোৱা ৫৬ ফূট উচ্চতাৰ হনুমানৰ পূৰ্ণাংগ মূৰ্ত্তি ভাগৰ তলতো অনুষ্ঠিত কৰা হয় পূজা অৰ্চনা ।

হোজাইত ৫৬ ফূট উচ্চতাৰ হনুমান মূৰ্ত্তিৰ তলত হনুমান জয়ন্তী অনুষ্ঠিত

উক্ত পূজা ভাগত সেৱাও মূৰ্ত্তি ভাগ দৰ্শনৰ বাবে হোজাই জিলাৰ বিভিন্ন প্ৰান্তৰ ভক্তপ্ৰাণ ৰাইজৰ সমাগম হোৱা পৰিলক্ষিত হৈছে । উল্লেখ যে, হোজাই জিলাৰ শংকৰদেৱ নগৰৰ ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ এখন ৰেষ্টুৰেন্টৰ সম্মূখত থকা উক্ত মূৰ্ত্তিভাগ দৰ্শন কৰিবলৈ প্ৰত্যেক দিনাই সমাগম হয় ভক্তপ্ৰাণ ৰাইজৰ ।

উক্ত ৰাষ্ট্ৰীয় ঘাইপথেৰে মুৰ্তি ভাগৰ সম্মূখেৰে পাৰ হৈ যোৱা প্ৰায় যানবাহন সেই ঠাইত ৰখি মূৰ্তি ভাগ দৰ্শন কৰাৰ লগতে যাত্ৰীয়ে মূৰ দোৱাই যোৱাও পৰিলক্ষিত হয় । উল্লেখ যে, মধ্য অসমৰ ভিতৰত সকলোতকৈ ওখ হনুমানৰ মূৰ্তি এইভাগেই পূৰ্ণাংগ হনুমান বাবাৰ মূৰ্ত্তি ।

লগতে পঢ়ক: অপহৰণ আৰু তাৰপাছত ধনদাবী: আৰক্ষীৰ জালত দুৰ্নীতি নিবাৰক শাখাৰ ৫ ভুৱা বিষয়া

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.