হোজাই,৫ এপ্ৰিল: বুধবাৰে হোজাইলৈ আহিব অসমৰ ৰাজ্যপাল জগদীশ মুখী ৷ ৰাজ্যপালগৰাকীৰ ভ্ৰমণসূচী অনুসৰি অসমৰ ৰাজ্যপাল গৰাকীয়ে ভ্ৰমণ কৰিব জিলাখনৰ বহুকেইটা অঞ্চল (Governor Jagdish Mukhi to visit Hojai on Wednesday) । ৰাজ্যপালগৰাকীৰ হোজাই আগমনৰ প্ৰতি লক্ষ্য ৰাখি হোজাই জিলা প্ৰশাসনৰ বৃদ্ধি পাইছে ব্যস্ততা । প্ৰাপ্ত তথ্য অনুসৰি বহুকেইটা কাৰ্যসূচীত অংশগ্ৰহণ কৰিব ৰাজ্যপাল গৰাকীয়ে ।
বুধবাৰে দুপৰীয়াৰ ভাগত হোজাইৰ ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ত উপস্থিত হ'ব ৰাজ্যপাল গৰাকী । হোজাইৰ নৱনিৰ্মিত বিশ্ববিদ্যালয়খন পৰিভ্ৰমণ কৰিব ৰাজ্যপালে ৷ ৰাজ্যপাল গৰাকীক আদৰিবলৈ ইতিমধ্যে প্ৰস্তুতি সম্পূর্ণ কৰিছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ।
বিশ্ববিদ্যালয়খনৰ চৌদিশ পৰ্যবেক্ষণ কৰাৰ লগতে, শিক্ষক সমাজ, ছাত্ৰ-ছাত্ৰী আৰু ছাত্ৰ একতা সভাৰ সদস্যৰ লগত পৃথকে পৃথকে মিলিত হ’ব আলোচনাত । ৰাজ্যপাল আগমনকলৈ এতিয়া উৎফুল্লিত ছাত্র একতা সভাৰ সভাপতিকে ধৰি বিশ্ববিদ্যালয় ছাত্র-ছাত্ৰীসকল ।
লগতে পঢ়ক: বোকাখাতত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে AJYCPৰ প্ৰতিবাদ