হোজাই, 22 জুলাই : ৰাজ্যত অব্যাহত আছে ড্ৰাগছ (Drug)তথা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অসম আৰক্ষী (Assam Police)ৰ তীব্ৰ অভিযান ৷ সমান্তৰালকৈ হোজাই জিলা আৰক্ষী (HOJAI DISTRICT POLICE)য়েও ড্ৰাগছৰ দৰে নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহৰ বিৰুদ্ধে সস্তম হৈ পৰিছে ৷ হোজাই জিলাৰ মোৰাঝাৰ আৰক্ষীয়ে বুধবাৰে পীৰবজাৰত অভিযান চলাই প্ৰায় ডেৰ কেজি গাঞ্জা আৰু চাৰিটা ব্ৰাউন চুগাৰ ভৰ্তি কন্টেইনাৰ জব্দ কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীৰ দলটোৱে লগতে প্ৰায় এশটা খালী কন্টেইনাৰো জব্দ কৰে ৷
হোজাই জিলাৰ মোৰাঝাৰ থানাৰ আৰক্ষী বিষয়া এ কে ফুকন আৰু ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া শান্তনু ৰয়ে চলাইছিল এই অভিযান ৷ আৰক্ষীয়ে ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত দুই সৰবৰাহকাৰীক আটক কৰিছে ৷ আটকাধীন সৰবৰাহকাৰী দুটা ৰাজু উদ্দিন আৰু বাচিত আহমেদ বুলি জানিব পৰা হৈছে ৷
![Ganja and Brown Sugar seize at Hojai](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-hojai-02-21jul-drugs-photo-10015_21072021195020_2107f_1626877220_491.jpg)
মোৰাঝাৰ আৰক্ষীয়ে ইতিমধ্যে আটকাধীন সৰবৰাহকাৰী দুটাক জেৰা অব্যাহত ৰাখিছে ৷ উল্লেখ্য যে, ড৹ হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa sarma)ই মুখ্যমন্ত্ৰী হিচাপে ৰাজ্যৰ শাসনভাৰ হাতত লোৱাৰ লগে লগেই ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ স্থিতি হাতত লৈছিল ৷ তেওঁৰ এই স্থিতিত সমৰ্থন জনাই অসম আৰক্ষীৰ প্ৰতিখন জিলাৰ আৰক্ষী বিষয়া, জোৱানে নিতৌ ড্ৰাগছৰ বিৰুদ্ধে তীব্ৰৰ পৰা তীব্ৰতৰ ৰূপত অভিযান চলাই আছে ৷
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa sarma)ই শেহতীয়াকৈ বিধানসভাত উল্লেখ কৰা অনুসৰি, অসমত ড্ৰাগছৰ নামত প্ৰায় 400 কোটি টকাৰ ব্যৱসায় চলি আছে ৷ গতিকে, এই বৃহৎ ব্যৱসায় নিয়ন্ত্ৰণত যথেষ্ট বাধা অহাটো স্বাভাৱিক ৷
লগতে পঢ়ক : ক’ভিড প্ৰতিষেধক কেন্দ্ৰত স্বাস্থ্য কৰ্মীক আক্ৰমণ দুষ্কৃতিকাৰীৰ