ETV Bharat / state

লংকাত বেজালি কৰি আলহী হ’ল ৰঙাঘৰৰ

author img

By

Published : Oct 31, 2021, 1:11 PM IST

হোজাইৰ লংকাত বেজালি কৰিবলৈ আহি ৰাইজৰ ৰোষত পৰিল উত্তৰ প্ৰদেশৰ এজন সাধুবাবা । ভেলেকীবাজিৰে নগদ বিশ হাজাৰ টকা সৰকাই নিয়াৰ অভিযোগ ভুক্তভোগীৰ ।

frod sadhu baba arrested at lanka
লংকাত বেজালি কৰি ৰঙা ঘৰৰ আলহী হ’ল উত্তৰ প্ৰদেশৰ সাধু

হোজাই, 31 অক্টোবৰ : একবিংশ শতিকাতো অব্যাহত বেজৰ বেজালি ৷ বেজালি কৰি টকা লৈ উধাও হ’ল ভণ্ড বাবা ৷ বিপাঙত পৰিছে ভূক্তভোগী ৷ আপুনিও যদি বেজ-বেজালি, জৰা-ফুকাত বিশ্বাস কৰে, তেন্তে কিছু সতৰ্ক হওক ৷

এই বাতৰিয়ে সহায় কৰিব আপোনাক ৷ আমাৰ এই প্ৰতিবেদনৰ ভূক্তভোগী বাবলু নামৰ এজন যুৱক ৷ সতৰ্ক নহ’লে বাবলুৰ দৰে আপুনিও হ’ব পাৰে ভণ্ড বাবাৰ বলি ৷

আহিছো ঘটনাৰ মাজলৈ ৷

ঘটনাৰ স্থান হোজাই জিলাৰ লংকা ৷ চলিত বৰ্ষৰ দুৰ্গা পূজাৰ নৱমীৰ দিনা উত্তৰ প্ৰদেশৰ এজন সাধু বাবাক লগ পাইছিল লংকাৰ বাবলু ভৌমিক নামৰ যুৱকজনে । বাবলুক লগ পোৱা সাধুজনে সুধিছিল "তোমাৰ হাতত কিমান টকা আছে ? আৰু সঁচা কথা কোৱা, নহ’লে এই টকা নাইকীয়া হৈ যাব । যদি সঁচা কথা কোৱা, তেন্তে এই টকা দুগুণলৈ বৃদ্ধি হৈ যাব" ৷

সাধু বাবাৰ কথাত পতিয়ন গৈ বাবলুয়ে গতাই দিলে জমা ৰখা নগদ বিশ হাজাৰ টকা ৷ বাবলুৰ হাতৰ পৰা সাধুজনে টকাখিনি লৈ এটা সৰু ক’লা ৰঙৰ শিলগুটি দিয়ে ৷ প্ৰথমাৱস্থাত বাবলুৱে এই কথা ধৰিব নোৱাৰে যদিও সেই স্থানৰ পৰা বাবা বুলি পৰিচয় দিয়া উত্তৰ প্ৰদেশৰ লোকজন নোহোৱা হোৱাত প্ৰকৃত ঘটনা পোহৰলৈ আহে ৷

দেৰীকৈ হ’লেও সমগ্ৰ ঘটনা বুজিব পাৰি বাবাক বিচাৰি বাবলু হয় হায়ৰাণ ৷ কিন্তু হঠাতে শনিবাৰে বাবুলৰ সৈতে লংকাত পুনৰবাৰ সাক্ষাৎ ঘটে ভণ্ড বাবাজনৰ ৷ লংকা ৰে’ল ষ্টেচনত ভণ্ড বাবাক দেখি বাবলুৱে লগাই হুৱা-দুৱা ৷

বাবলুৰ পৰা সমগ্ৰ ঘটনা জানিব পাৰি উত্তেজিত ৰাইজে লপা-থপা দিয়ে সাধু বাবাক । অৱশ্যে পৰৱৰ্তী সময়ত ঘটনাস্থলীত লংকা আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি । বৰ্তমান ৰঙাঘৰৰ আলহী উত্তৰ প্ৰদেশৰ সাধু বাবা ৷

লগতে পঢ়ক : কলিয়াবৰ-ছয়গাঁৱত নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.