হোজাই,10 আগষ্টঃ হোজাই জিলা লংকা আঞ্চলিক বন কাৰ্যালয়ৰ অন্তৰ্গত নখুটি বন কাৰ্য্যালয়ত দেওবাৰে নিশা সংঘটিত হয় প্ৰচণ্ড মাৰপিটৰ ঘটনা ৷ নখুটি বন কাৰ্যালয়ত কৰ্মৰত মহম্মদ টিয়াবুৰ ৰহমান আৰু মহম্মদ চৰীফ উল্লাহ নামৰ দুজন বন কৰ্মীক গুৰুলা গুৰুল কৈ প্ৰহাৰ কৰাৰ লগতে চোকা অস্ত্ৰৰে আক্ৰমণ কৰে একাংশ বন মাফিয়াই ৷
প্ৰাপ্ত তথ্য মতে,দেওবাৰে নিশা এক গোপন সুত্ৰৰ পম খেদি নখুটি শিৱ মন্দিৰৰ সন্মুখত এখন অবৈধ চেগুন কাঠ ভৰ্তী টাটা মোবাইল জব্দ কৰি নখুটি বন কাৰ্যালয়লৈ আনিব বিচাৰিছিল নখুটি বন কাৰ্যালয়ৰ উক্ত বন কৰ্মী কেইজনে ৷ ইয়াৰ পাছতেই আব্দুল মজিদ,আব্দুল আহাদ,আব্দুল আজিৰ নামৰ তিনি ভাতৃ তথা অঞ্চলটোৰ তিনিজন কুখ্যাত বন মাফিয়া তিনিজনে চোকা অস্ত্ৰৰে বনকৰ্মী কেইজনক আক্ৰমণ কৰি চেগুন ভৰ্তি টাটা মোবাইল খন লৈ যায় ৷ ঘটনা সন্দৰ্ভত লংকা আৰক্ষী থানাত এজেহাৰ দাখিল কৰাৰ পাছতে তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে ৷
লগতে পঢ়কঃভূৰৰ পৰা পৰি সলিল সমাধি দুই যুৱকৰ