ETV Bharat / state

বন বিভাগৰ অভিযানত কাঠৰ কুণ্ডাভৰ্তি ট্ৰাক জব্দ

author img

By

Published : Sep 25, 2020, 3:59 PM IST

পশ্চিম কাৰ্বি আংলঙত অব্যাহত চোৰাং কাঠৰ বেহা ৷ এই চোৰাং কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে খেৰণি বন বিভাগে আৰম্ভ কৰিছে তীব্ৰ অভিযান ৷ এই অভিযানত জব্দ হৈছে চোৰাং কাঠৰ কুণ্ডাসহ এখন ট্ৰাক ৷

Forest department seizes a truck full of wood Hojai assam etv bharat news
কাঠৰ কুণ্ডাভৰ্তি ট্ৰাক জব্দ

হোজাই,25 ছেপ্তেম্বৰ: বন বিভাগৰ চকুত ধূলি মাৰি অসম-মেঘালয়ৰ সীমান্তৰ পশ্চিম কাৰ্বি আংলঙত অব্যাহত আছে চোৰাং কাঠৰ বেহা ৷ এই চোৰাং কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে খেৰণি বন বিভাগে আৰম্ভ কৰিছে তীব্ৰ অভিযান ৷ পশ্চিম কাৰ্বি আংলঙৰ খেৰণি বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত জেৰিকীন্দেঙৰ মুজেম গাঁৱত বন বিভাগে এক অভিযান চলায় ৷ বৃহস্পতিবাৰে চলোৱা এই অভিযানটোত জব্দ হৈছে চোৰাং কাঠৰ কুণ্ডাসহ এখন ট্ৰাক ৷ কাৰ্বি আংলঙৰ পৰা মেঘালয়লৈ চোৰাং কাঠৰ কুণ্ডা সৰবৰাহ কৰি থকা অৱস্থাতে জব্দ হৈছে এম এল 04 9884 নম্বৰৰ কুণ্ডাভৰ্তি ট্ৰাকখন ৷ উল্লেখ্য যে, আজিকোপতি অঞ্চলটোত বন বিভাগৰ অজ্ঞাতে চলি আহিছে চোৰাং কাঠৰ বেহা ৷ সমান্তৰালকৈ অঞ্চলটোত অব্যাহত আছে বনধ্বংস ৷

লগতে চাওকঃ কৃষি বিধেয়কৰ প্ৰতিলিপি দাহেৰে বিৰোধ প্ৰদৰ্শন আছুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.