ETV Bharat / state

ডবকাত বন বিভাগৰ অভিযান

author img

By

Published : Jul 25, 2021, 4:27 PM IST

হোজাই জিলা ডবকাত শনিবাৰে নিশা বন বিভাগে চলাই এক অভিযান ৷ এই অভিযানত জব্দ কৰা হয় ১৬ কেজি বগা চন্দন কাঠৰ টুকুৰা । এক গোপন সূত্ৰৰ ভিত্তিত ডবকা কছাৰীপাৰাৰ নাসিৰ উদ্দিনৰ ঘৰৰ পৰা জব্দ কৰা হয় চন্দন কাঠৰ টুকুৰা খিনি। বন বিভাগে এই সন্দৰ্ভত অব্যাহত ৰাখিছে নিজা তদন্ত ৷

forest department expedition at doboka
ডবকাত বন বিভাগৰ অভিযান

হোজাই, 25 জুলাই : ৰাজ্যত অব্যাহত আছে বনধ্বংসযজ্ঞ । বন বিভাগৰ (forest department) চকুৰ সন্মুখতে ৰাজ্যৰ ভিন্ন প্ৰান্তত একাংশ দুষ্ট চক্ৰই গছ কাটি তহিলং কৰা দেখা গৈছে । এনে সময়তে পুনৰ শনিবাৰে নিশা বন বিভাগে ডবকাত চলায় এক অভিযান ৷

হোজাই জিলাৰ ডবকাত বন বিভাগে চলোৱা অভিযানত জব্দ কৰিবলৈ সক্ষম হয় ১৬ কেজি বগা চন্দনৰ কাঠৰ টুকুৰা । এক গোপন সূত্ৰৰ ভিত্তিত ডবকা কছাৰীপাৰাৰ নাচিৰ উদ্দিন নামৰ এগকাৰী ব্যক্তিৰ ঘৰৰ পৰা বন বিভাগে জব্দ কৰিবলৈ সক্ষম হয় কাঠৰ টুকুৰাখিনি ৷ বন বিভাগে সদৰি কৰা অনুসৰি, কাঠখিনিৰ আনুমানিক বজাৰ মূল্য প্ৰায় দুই লাখ টকা ৷ বন বিভাগৰ লোক অহাৰ সম্ভেদ পাই পলাই যাবলৈ সক্ষম হৈছে নাচিৰ উদ্দিন ৷

ডবকাত বন বিভাগৰ অভিযান

জব্দকৃত চন্দন কাঠখিনি ইতিমধ্যে হোজাই বন বিভাগৰ (Hojai Forest Department) কাৰ্যালয়লৈ লৈ যোৱা হৈছে ৷

উল্লেখ্য যে, হোজাইৰ আঞ্চলিক বন সুৰক্ষা বিষয়া শ্বামিম আখতাৰৰ নেতৃত্বত বন বিভাগ আৰু ডবকা আৰক্ষীৰ সহযোগত চলিছিল এই অভিযান ৷ এই ঘটনাৰ সন্দৰ্ভত কোনো লোককে আটক কৰিবলৈ সক্ষম হোৱা নাই বন বিভাগে ৷ চোৰাং কাঠ সৰবৰাহ তথা ব্যৱসায়ৰ সন্দৰ্ভত আৰক্ষীয়ে নিজাবীয়াকৈ অব্যাহত ৰাখিছে তদন্ত ৷

আনহাতে, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ হোজাই বন বিভাগে সঘনে অভিযান চলাই থকা পৰিলক্ষিত হৈছে ৷ কিছুদিন পূৰ্বে হোজাইৰ বন বিভাগে আন এক অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হৈছিল অবৈধ কাঠ ফলা মিল ৷ বন বিভাগে জব্দ কৰিছিল কলৰ বহু সামগ্ৰীও ৷

কিন্তু ইমানৰ পাচতো চোৰাং কাঠ ব্যৱসায় তথা এই ব্যৱসায়ী সকলক নাকী লগাবলৈ সক্ষম হোৱা নাই বন বিভাগ ৷ চোৰাং কাঠ ব্যৱসায়ীক উচিত শাস্তি প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰিছে এতিয়া ৰাজ্যৰ বহু দল সংগঠন তথা সচেতন মহলে ৷

লগতে পঢ়ক: হোজাইৰ অবৈধ কাঠফলা কলত বন বিভাগৰ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.