ETV Bharat / state

ব'হাগ পালেহি; বিহুৰ ঢোল বনোৱাত ব্যস্ত হোজাইৰ বাদ্যযন্ত্র নিৰ্মাতা

author img

By

Published : Mar 20, 2022, 2:17 PM IST

ফাগুন বাগৰি চ’ত সোমাল ৷ চ’তৰ লগে লগে আহিছে ব'হাগ অহাৰ বাতৰি । প্ৰাণৰো প্ৰাণ বিহুটিক আদৰিবলৈ প্ৰান্তে প্ৰান্তে আৰম্ভ হৈছে প্ৰস্তুতি । সমানেই বাদ্যযন্ত্র বনোৱা শিল্পী সকলো ব্যস্ত হৈ পৰিছে ঢোল-পেঁপা নিৰ্মাণত । এয়া যে গৰু চালে মাত লগোৱাৰ সময় ৷

ব'হাগ পালেহি
বিহুৰ ঢোল বনোৱাত ব্যস্ত হোজাইৰ বাদ্যযন্ত্র বনোৱা শিল্পী

হোজাই, ২০ মাৰ্চ : অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুলৈ মাজত প্ৰায় কেইটামান সপ্তাহ (A few weeks left to Rangali Bihu)। ৰঙালী বিহুৰ প্ৰাকক্ষণত ব্যস্ততা বাহিছে বাদ্যযন্ত্র বনোৱা শিল্পী সকলৰ । বিহুৰ বাবে বৰ্তমান ঢোল, পেঁপা বনোৱাত ব্যস্ত হৈ পৰিছে বাদ্যযন্ত্র নিৰ্মাতা সকল (Folk instrument makers busy with making Bihu drum) ।

হোজাই জিলাৰ লংকাৰ মাজমজিয়াত থকা কামাখ্যা বাদ্যযন্ত্র বিপনীখনতো ঢোল বনোৱাত ব্যস্ত হৈ থকা পৰিলক্ষিত হৈছে এগৰাকী বাদ্যযন্ত্র নিৰ্মাতা । বিহুলৈকে যেন ব্যস্ততাৰ অন্ত নাই শিল্পী গৰাকীৰ ৷ কাৰণ বিগত বছৰ সমূহৰ দৰে এইবাৰো লংকাৰ উক্ত বাদ্যযন্ত্র বিপনীখনৰ পৰা উজনি অসমৰ বিভিন্ন ঠাইলৈ বিহুৰ বাবে ৰপ্তানি হ’ব ঢোল । সেয়েহে দিনে-নিশাই একাকাৰ কৰি ঢোল বনোৱাত ব্যস্ত উক্ত শিল্পীগৰাকী ।

বাদ্যযন্ত্র বনোৱা শিল্পী সকলেও বনাইছে ইটোৰ পাছত সিটোকৈ ঢোল

যোৱা দুবছৰে ক'ৰণা মহামাৰীৰ বাবে চৰকাৰী নিৰ্দেশনা অনুসৰি বিহু অনুষ্ঠিত নোহোৱাত বহু লোকচানৰ সম্মুখীন হ’ব লগা হৈছিল বাদ্যযন্ত্র বনোৱা শিল্পীসকল । কিন্তু, এইবাৰ ক’ভিড মহামাৰী নথকাত আৰু চৰকাৰী কোনো নিৰ্দেশনা নোহোৱাত ৰাজ্যত পুনৰ এইবাৰ অনুষ্ঠিত হ’ব ৰঙালী বিহু । সেয়েহে বিহুৰ আগে আগে ঢোল নিৰ্মাণ কৰি আৰ্থিকভাৱে টনকিয়াল হোৱাৰ আশা এইগৰাকী নিৰ্মাতাৰ ৷

লগতে পঢ়ক: কলিয়াবৰৰ বিভিন্ন স্থানত সামৰণি পৰিল ফল্গুৎসৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.