হোজাই আৰু বঢ়মপুৰ, 28 মে’: নেৰা-নেপেৰা বৰষুণৰ ফলত কপিলী নৈৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে পশ্চিম কাৰ্বি আংলঙৰ বহু অঞ্চল । হোজাই জিলাৰ অন্তৰ্গত লংকা ৰাজচক্ৰ এলেকাধীন অঞ্চলৰ আঠাইছো আৰু মান্দুলী নামৰ বৃহৎ গাঁও দুখনো এতিয়া বানৰ কবলত । অৱশ্যে গাঁও দুখনৰ প্ৰায় দুই শতাধিক পৰিয়ালে গাঁৱত পানী সোমোৱাৰ পূৰ্বেই নিৰাপদ স্থানলৈ কৰে যদিও অস্থায়ী শিবিৰ পাতিবলৈ স্থান বিচাৰি হাহাকাৰ কৰিব লগা হৈছে গাঁওবাসীয়ে।
ইফালে গাঁওখনৰ ওচৰে-পাজৰে থকা বিদ্যালয়সমূহ কোৱাৰেণ্টাইন চেণ্টাৰ হিচাপে গঢ়ি তোলা হৈছে । ফলত কৰ’ণা মহামাৰীৰ সন্ত্ৰাসৰ পৰা ৰক্ষা পাবলৈ সামাজিক দূৰত্ব বজাই ৰাখিব লাগে যদিও বানপানীৰ সংহাৰী ৰূপ ধাৰণ কৰাৰ ফলত আশ্ৰয় শিবিৰৰ অভাৱত সকলো গাঁৱৰ ৰাইজে একেলগে একত্ৰিত হৈ গাতে গা মিলাই থাকিবলগীয়া হৈছে ।
আনহাতে, নগাঁও জিলাৰ কামপুৰতো কপিলী নৈয়ে দেখুৱাইছে ভয়ংকৰ ৰূপ ৷ নিশাৰ ভিতৰতে কপিলীৰ বাঢ়নী পানীয়ে পুনৰ ছিগি নিলে তিনিটাকৈ মাথাউৰি ৷ ইতিমধ্যে কপিলী নৈৰ বাঢ়নী পানীয়ে 20 খনৰো অধিক ৰাজহ গাঁও প্লাৱিত কৰাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে গাঁওখনত ।
লগতে পঢ়ক: কলিয়াবৰত জব্দ চোৰাং কাঠ ভৰ্তি বাহন